Written by sdblogs2011 4:26 pm Poems

আৱেগিক কৌষ্ঠকাঠিন্য

 অৰ্চনা ঠাকুৰীয়া

খকুৱা ৰ’দে কামুৰি খালে মস্তিষ্কৰ উৰ্বৰতা

শেষৰ গৰাহ ভাত মুখলৈ নিওঁতেও শুদাই নেৰিলে সি

ডিঙিত চৰ্চৰণি

পিঠিত কাৰোবাৰ হাতৰ ধম্ ধম্ চাপৰ

এইদৰে খুঁটি তাল বাই হ’লেও আখৰা চলাওঁ

সুস্থ হৈ থকাৰ…

কেহোৱে কয় বোলে – ‘অঁকৰাৰ খং আৰু বকৰাৰ ঢং চাই লাগে বৰ ৰং’

একেই দশা মোৰো

অঁকৰা-বকৰা মোতেই বিলীন

বুজিছেনে- আৱেগিক কৌষ্ঠকাঠিন্য!

হজমো নহয় বাহিৰো নহয়

সন্মুখত গাৰুটো লৈ তাকেই গালি পাৰোঁ

তাকেই আদৰোঁ…

সময়বোৰ এজাক বাদুলি হৈ উৰি গ’ল

পিছে পিছে ময়ো

বেচেৰা বাদুলি! দিনকণা

আৰু মই এসোপা ফুটছাই…

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close