Written by sdblogs2011 4:26 pm Poems

আৱাহন

 অত্ৰেয়ী গোস্বামী
বন্ধ হৈ গৈছে সৃষ্টিৰ সকলো কপাট
কঁৰাল মৰা তেজ
        গোটা এটা হৈ নিজৰ ৰাজকীয়তা
প্ৰদৰ্শনত ব্যস্ত শ্বেতকণা,
        অন্ধকাৰ গহ্বৰ ভেদি সোমায়নে
সেই পুৰাতন হাবিয়াস?

তেজৰ বেৰত টোকৰ পৰিল
কেঁচি-বটালিৰ অভিযান চলিল
ইমান সহজে শেষ হৈ নাযায়

কাংক্ষিত স্পৃহাৰ জীৱন্ত টোপোলা৷

পানী লাগে পানী
পানীয়েই সকলোৰে আৰম্ভণি
কক্‌বক্ বুদ্‌বুদ্ বুদ্‌বুদ্
পানীয়েই মূল৷

নাজানোহো আৱাহন, নাজানোহো বিসৰ্জন
পূজামন্ত্ৰ নাজানো কিঞ্চিৎ…

সকলোতে কেৱল বিজ্ঞান

বন্ধ দুৱাৰত টুকুৰিয়াই উলটি আহে
আৱাহন৷

প্ৰতিধ্বনি শুনি শুনি কাণ ঊনাই বহোঁতে
টুপুৰকৈ পৰিল এপাহি সৰগ ফুল৷

আকাশ এতিয়া ফৰকাল
এয়া আৱাহনৰ সময়৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close