Written by sdblogs2011 2:02 pm Poems

আহিব লগা প্ৰতিটো ফাগুনে ক’ব

দেৱাশিস বুঢ়াগোহাঁই

কাঞ্চন ফুলিছে

শিমলু-তুলা উৰিছে

ডাঙৰকৈ নক’বা

বাহিৰে-ভিতৰে পাতল হৈ পৰিছোঁ

এই উৰি যাওঁ, উৰি যাওঁ

মনৰ ভিতৰত trending-ত থকা cringe গান এটা বাজি আছে

পুৱতি নিশা পূৰ্ণচন্দ্ৰৰ জোনাক

গছৰ ফেৰেঙনিৰে, ভেণ্টিলেটৰেৰে বগুৱা বাই

মোৰ কোঠাত সোমাইছে

ইথাৰত উৰি অহা তোমাৰ মাত আৰু বৈ অহা জোনাকৰ সহবাস,

মোৰ কোঠাত

মনে-মনে, মনে-মনে…

ডাঙৰকৈ নক’বা, মোৰ কোঠাৰ বেৰবোৰ কাণেৰে গঁথা

সম্বোধনহীনকৈ তোমাৰ চিঠিখন আহিছিল

একেটা সপোন দেখি দেখি ভাগৰাৰ কথা লিখিছিলা

কান্দা, হাঁহা, আকৌ বেছিকৈ কান্দা

খপ্‌জপাই কলম উলিয়াই চিধাচিধি তোমাক বৰষুণত তিতাৰ প্ৰস্তাৱ দিলোঁ

তুমিচোন কৈছিলা তোমাৰ প্ৰিয় ভাষা অস্পষ্টতা আৰু ধূসৰতা

চিঠিখন পঠাইহে মনত পৰিল

কাঞ্চন ফুলিছে

বৰষুণ সৰিছে

বতাহ বলিছে কেৰেচিয়াকৈ

বকুলজোপাৰ সিপাৰে সেইহাল কোন তিতিছে

তোমাৰ গাৰপৰা খবলা-খবলে বোকা খহিছে… মই ক’লোঁ

ডাঙৰকৈ নক’বা

যি কয় আহিব লগা প্ৰতিটো ফাগুনে ক’ব

তুমি স্পষ্টকৈ ফুচ্‌ফুচাই  ক’লা…

ঠিকনা :

গৱেষক

তেজপুৰ বিশ্ববিদ্যালয়

Visited 2 times, 1 visit(s) today
Website |  + posts
Close