Written by sdblogs2011 7:52 am Poems

আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ

কাব্যশ্ৰী মহন্ত 

আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ
এজনৰ সেমেকা কলিজাটো আনজনে চুই চাওঁ
বুকুৰ ভিতৰলৈকে টানি লওঁ শুকাই যোৱা চকুপানীৰ গোন্ধ

আহাচোন কিছুদূৰ একেলগে খোজ কাঢ়োঁ
যাওঁতে বাটত শুনি যাওঁ হিয়াৰ মালিতা
বেহানি সামৰি থৈ কিছুপৰ বহোঁ একেলগে

কান্ধ সলালেই দেখিম এজনে  আনজনৰ
কান্ধৰ কলা পৰা দাগবোৰ,
একেলগে যোৱাৰ পৰতে নোসোধাকৈয়ে ওলাই আহিব কলিজাৰ বিষবোৰ৷
কত থওঁ কত থওঁ লগা বেথাবোৰ একেলগে বহিলেই
হুমুনিয়াহ হৈ সৰি পৰিব৷
সেয়ে  কান্ধ সলাই লওঁ দুখৰ বোজাবোৰ
একেলগে খোজ কাঢ়িলেই শুনিবলৈ  পাম হিয়াৰ মালিতা৷ 

Visited 2 times, 1 visit(s) today
Website |  + posts
Close