নৱনীতা ভট্টাচাৰ্য্য
আজি কিছুদিনৰ পৰা আহঁতগুৰিৰ এৰা গছকেইজোপা একেবাৰে গপতে ওফন্দিয়ে আছে৷ সিহঁতৰ ফিতাহি মৰা কথা কিনো শুনিবা৷ এদিনটো এজোপা এৰাগছে কৈয়ে পেলালে, “বোলে, আহঁতগুৰিত আমাৰ দৰে বৃক্ষ পাবলৈ নাই!” কথাষাৰ কাৰো হজম নহ’ল, কিন্তু কি কৰিব, আহঁতগুৰিৰ আহঁতগছজোপা কটাৰ দিন ধৰি সিহঁত নিঠৰুৱা হৈ পৰিছে৷ সেইবাবে মন গ’লেও মুখ ফুটাই একো ক’ব নোৱাৰা হ’ল৷ যিয়ে নিজৰ পৰিচয়েই হেৰুৱাই পেলাইছে তাৰ বাবে এই দুখনো কি দুখ! অৱশ্যে আজিও সকলোৱে ঠাইখনক আহঁতগুৰি বুলিয়ে কয়৷ পিছে আগৰ সেই গহীন পৰিৱেশ নাই৷ কেনেকৈনো হ’ব আজি কিমান দিন হ’ল গছজোপা কটাৰ! কথাতে কয় নহয় গছ নথকা ঠাইত এৰাগছেই বৰগছ বুলি৷ তাকেই মানি লৈ আহঁতগুৰিৰ সকলো জীৱ-জন্তুৱেই এদিন নহয় এদিন সু-দিন ঘুৰি আহিব বুলি মনে মনে সকলো সহ্য কৰি আছে৷
অ’ আহঁতগুৰিৰ বিষয়ে ইমানবোৰ কথা ক’লো, কিন্তু ঠাইখনৰ চিনাকিটোহে দিয়া হোৱা নাই৷ সোণটিৰ ঘৰৰ পৰা পোনে পোনে গ’লেই যিটো তিনিআলি পোৱা যায় সেই তিনিআলিটোৰ নামেই আহঁতগুৰি৷ দৰাচলতে আজিৰ পৰা বহু বছৰ আগৰে পৰা মানে সোনটিৰ ককাকৰ মনত থকা দিনৰে পৰা তাত এজোপা বৃহৎ আহঁতগছ আছিল৷ কিন্তু কিছুদিন আগতে পথটো বহলোৱাৰ নামত গছজোপা কাটি পেলোৱা হ’ল৷ সেইদিনাৰ পৰাই এৰা গছকেইজোপাৰ এই আচৰণ৷ পিছে আজি আহঁতগুৰিত এনে এটা ঘটনা ঘটিল যে এক পলকতে এৰা গছেকইজোপাৰ দৰ্প চূৰ্ণ হ’ল৷ দৰাচলতে সিদিনাখন আহঁতগুৰিৰ কেইজনমান সচেতন লোকে সেই তিনিআলিটোতে আহঁতগছৰ পুলি এটা ৰুইছিল৷ গছজোপা কটাৰ আজি বহুত দিনেই হ’ল, তথাপি গছজোপাৰ উপকাৰ কোনেও পাহৰিব পৰা নাই। সেইবাবেই হয়তো তিনিআলিটোৰ দাঁতিতে পুনৰ গছ এজোপা ৰোৱাৰ সিদ্ধান্ত লৈছিল৷ নতুন আলহী অহা দেখি তিনিআলিটোত থকা সকলো জীৱ-জন্তুৰ মন উলাহেৰে ভৰি পৰিছিল৷ পিছে এৰা গছ কেইজোপাইহে লাজতে মূৰ তুলিব পৰা নাই। তাকে দেখি সকলোৰে মাজত বু-বু বা-বা চলিল৷ আহুকাণে-পহুকাণে কথাটো পলমকৈ হ’লেও গৈ বামুণ ভেকোলাৰ কাণত পৰিল৷ ক’ত নো কি ঘটিছে তাকে চাবলৈ বুলি সিও কেপো-জেপোকৈ পাৰলৈ উঠি আহিল। পিঠিত নোম গজা বামুণ ভৈকোলাক বাহিৰত দেখি সকলো আহি গোট খালেহি। বুঢ়া হোৱাৰে পৰা ভেকোলাই তেনেকৈ বাহিৰলৈ ওলোৱা-সোমাৱা নকৰাই হৈছে৷ আজি বাহিৰলৈ ওলাইছে যেতিয়া কথা কিছু গধুৰেই হ’ব৷ সেইবাবে সকলোৱে সমস্বৰে বাহিৰলৈ ওলোৱাৰ কাৰণটো সুধিলে৷
তাকে শুনি ভেকোলাই ক’লে, “বোলোঁ, ইমান দিনে ফিটাহি মাৰি ফুৰা এৰা গছেকইজোপাৰনো কি হ’ল তাকে চাবলৈহে ওলাই আহিলো? পিছে কথা গুৰিত৷”
ভেকোলাৰ কথা শুনি সকলো আচৰিত হ’ল৷ ক’ত নো কি ঘটিল তাকে জানিবলৈ ভেকোলাৰ মুখলৈ
বাট চাই ৰ’ল৷ ধৈৰ্য ধৰিব নোৱাৰি ফৰিঙে মাত লগালে, “পিছে উৰহী গছৰ ওৰ ক’ত আমি হ’লে ধৰিব পৰা নাই। অলপ বহলাই কোৱাঁচোন৷”
“কথাটো তেনেই উজু। তোমালোকেহে গমি-পিতি চোৱাত ভুল কৰিছা৷ আমাৰ ঠাইখনে পুনৰ ঠিকনা বিচাৰি পালে৷ আৰু কিছুদিন অপেক্ষা কৰাঁ, সেই সোণালী দিন পুনৰ ঘুৰি আহিব৷ তাকে দেখি মিছা গপত ওফন্দি থকাবিলাকৰ ভয়তে হাত-ভৰি পেটত লুকাইছে চাগে৷” ফৰিঙৰ কথা শুনি ভেকোলাই ক’লে।
ভেকোলাৰ কথাৰ পাক বুজি নাপাই উঁইচিৰিঙাটোৱে ক’লে, “সাঁথৰ এৰি আচল কথাটো কোৱাঁ?”
“তোমালোকে দেখিছো কথাবোৰ বুজিয়েই পোৱা নাই৷ এই সকলোবোৰ নতুন আলহীৰ কৃপাতে সম্ভৱ হৈ উঠিছে৷” কথাষাৰ কৈ বামুণ ভেকোলাটো গছপুলিটোৰ ওচৰলৈ গ’ল আৰু ক’বলৈ আৰম্ভ কৰিলে, “এই গছপুলিটো দেখিছা নহয়৷ ই কোনো সাধাৰণ গছপুলি নহয়। এইটো হ’ল আহঁতগছৰ পুলি, আঁহতগুৰিৰ প্রকৃত চিনাকি। আৰু কিছুদিন অপেক্ষা কৰাঁ, এই অকণমানি গছপুলিটো অতি সোনকালে লহ-পহকৈ বাঢ়ি আহি বৃক্ষৰ ৰূপ ল’ব৷ আঁহত গছজোপাৰ নামাৰে জানো আমাৰ এই ঠাইখনৰ নাম আঁহতগুৰি নহয়৷ সেই সূত্ৰে আমি হ’লোঁ আঁহতগুৰিৰ বাসিন্দা৷ আনে যিমানেই ওফাইডাং মৰা কথা নকওক কিয়, কোনোবাই জানো আঁহতগছজোপাৰ ঠাই ল’ব পাৰিব৷ কোনোবাই জানো আমাক সেই চিনাকি দিব পাৰিব৷ এতিয়াৰ পৰা আমি সুৰক্ষিত৷ যোৱা সকলোৱে নিজৰ কামত ধৰাগৈ৷”
ভেকোলাৰ কথা শুনি সকলোৰে মনৰ দ্বিধা আঁতৰিল৷ সিদিনাখনৰ পৰা এৰা গছকেইজোপায়ো ওফাইডাং মৰি নুফুৰা হ’ল৷ আঁহতগুৰিলৈ অতি সোনকালে সু-দিন ঘুৰি আহিব বুলি জানি আমিও সন্তুষ্ট হৈ গুচি আহিলোঁ৷
ঠিকনা :
বেলতলা তিনিআলি
ফোন :৯৮৬৪২৩৩৩৫০
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
