Written by sdblogs2011 7:53 am Poems

আমাৰ চহৰত বাপু

নীলিমা ঠাকুৰীয়া হক

কাউৰীৰ পাখি গুজি মেঘবোৰ ঢপলিয়াই আহিছে

খোজ কাঢ়ি কাঢ়ি ভাগৰুৱা বাপু ক্ষন্তেক ৰৈছে টিলাটোৰ শিখৰত। মেঘবোৰ বৰষুণ হৈছে

জিৰজিৰ জিৰজিৰ হিৰহিৰ হিৰহিৰ

বিজুলীৰ পোহৰ আৰু ঢেৰেকনিৰ গানেৰে

গা ধুলে বাপুৱে আৰু চশমাৰে জুপি জুপি

চালে নামনিৰ চহৰখনলৈ —

নদী আৰু নৰ্দমাই তৰাং হোৱাৰ দুখত কান্দি কান্দি

বাটবোৰকো বুৰাই দিছে

চহৰখন ডুবিব ধৰিছে

আচলতে বহুদিন ধৰি ডুবিয়ে আছে

কুটিল জটিল অশ্লীল পঙ্কিল

অনেক বিশেষণৰ ধলত পলে পলে ডুবি থকাত

অভ্যস্ত হৈ পৰিছে, বৰষুণৰ ধল নিমিত্তহে মাত্ৰ

মানুহবোৰে আজিকালি হাঁওফাঁও নোহোৱাকৈ

উশাহ ল’ব জানে

কলিজা নোহোৱাকৈ লিখিব পাৰে প্ৰেমৰ পদ্য

আৰু কত কি কৰিব পাৰে ! এচামে চোবাই চোবাই

খাই থাকে আন এচামৰ চকু-কাণ-জিভা

বাপুৱে গম পায়, বাপুৱে গম পায়

তেওঁৰ তিনিটা বান্দৰে যে তেওঁকে সিঞাৰি

‘বেয়া চাম’, ‘বেয়া শুনিম’, ’বেয়া ক’ম’ বুলি

চহৰখনত জঁপিয়াই ফুৰিছে

ভালপোৱা কৰুণা মমতাৰ আদিপাঠত

কপিকুলে সৰুপানী চোৱে , সিহঁতৰ ভাষা সাংকেতিক

স্বমেহনত মত্ত বান্দৰবোৰক দেখি মানুহবোৰ

কলা-বোবা-অন্ধ পুতলা মাথোঁ

বাপুৰ চশমাযোৰে হুমুনিয়াহ কাঢ়ে আৰু লাখুটিডাল

লৈ ভোৰভোৰাই নামি আহে টিলাটোৰ পৰা

লাখুটিডালেৰে তেওঁ এফালৰ পৰা ভাঙিবলৈ ধৰে

দেৱালত ওলমি থকা তেওঁৰে ফটোবোৰ …

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close