Written by sdblogs2011 7:47 pm Poems

আপুনি এজন নিজঞ্জাল মানুহ

 ননী বৰদলৈ

হাতত মোনাটো লৈ আপুনি বজাৰলৈ ওলাই গৈছে

নিৰ্জন পথটোত আপোনাৰ সন্মুখতে

এজন বয়স্ক লোকক হঠাত অহা

এখন তীব্ৰ বেগী বাহনে খুন্দিয়াই গুচি গ’ল

যন্ত্ৰণাত কাতৰ মানুহজন

নিৰন্তৰ সহায়ৰ বাবে চিৎকাৰ কৰিছে

একো যেন  নাইদেখা আপুনি

কাষেদি পাৰ হৈ যাওক

কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব

কি দৰকাৰ এটা জঞ্জাল চপাই লোৱাৰ

আপুনি এজন নিজঞ্জাল মানুহ !

আপোনাৰ ঘৰৰ কাষৰে মানুহ

পুৱা শুই উঠিয়েই যাৰ মুখ সততে আপুনি দেখা পায়

এক অবৰ্ণনীয় বিপদত পৰা সেই মানুহজনে

আপোনাক  চিঞৰি চিঞৰি কিবা কৈছে

হয়তো আপোনাৰ সহায় ভিক্ষা কৰিছে

আপুনি বাটৰ কচু গাত ঘঁহি লোৱা মানুহ নহয়

নুশুনাৰ ভাও জুৰি আপুনি আঁতৰি যাওক

কোনো দৰকাৰ নাই সেই জঞ্জালত সোমোৱাৰ

আপুনি এজন নিজঞ্জাল মানুহ !

গধূলিয়ে জাল পেলোৱা কাণিমুনি বেলিকা

সুস্বাস্থ্যৰ বাবে অলপ বাট ফুৰাৰ সময়

মেদ কমোৱাৰ সময়

আপুনিও ওলাই গৈছে

অলপ আন্ধাৰ অলপ পোহৰৰ আৱৰণ ফালি

আপোনাৰ ওচৰলৈ দৌৰি আহিছে এটা দৃশ্য

এটা অসহায় চিঞৰ

বাটৰ কাষত কেইজনমান উদণ্ডই

এজনী অসহায় গাভৰুক আমনি কৰিছে

গাভৰুৰ কাতৰ আৰ্তনাদ

আপোনাৰ কাণত পৰিছে

আপুনি নাচাব, আপুনি নুশুনিব

নিৰ্লিপ্তভাৱে আপুনি আঁতৰি আহিব

এইবোৰ জঞ্জালত সোমাই লাভ নাই

আপুনি এজন নিজঞ্জাল মানুহ !

সান্ধ্যভ্ৰমণৰ পৰা উভতি আহি আপুনি ঘৰ সোমাইছেহি

ঘৰত এক হুলস্থূলীয়া পৰিৱেশ

কন্দা-কটা, চিঞৰ-বাখৰ

আপোনাৰ গাভৰু জীয়ৰী

সন্ধিয়া বাটত বলাৎকাৰৰ চিকাৰ হৈছে

তাই চিঞৰিছিল

এতিয়াও তাই চিঞৰি আছে

সেই একেই বাটত শুনা চিঞৰটোৰ দৰে

আপুনি নুশুনাৰ ভাও ধৰিব

নে নজনাৰ ভাও ধৰিব

নে নেদেখাৰ ভাও ধৰিব

কাৰণ আপুনি জঞ্জাল ভাল নাপায়

আপুনি এজন নিজঞ্জাল মানুহ  !

    ভ্ৰাম্যভাষ: ৭৫৭৫৯৬৭৩৭২

Visited 3 times, 1 visit(s) today
Website |  + posts
Close