Written by sdblogs2011 8:21 pm Poems

আন্ধাৰতো যি উজ্জ্বল

 জ্যোতিনীলিমা গগৈ

প্ৰতিনিয়ত এই যাত্ৰা পশ্চিমৰ হাবি ভাঙি

হাবিয়লীয়া চৰাই এটাই বাট ভেটি সোধে –

মনত পৰেনে এই অনন্ত নীৰৱতাৰ ঠিক আগে আগে

শেষবাৰৰ বাবে

বসন্তৰ গান কেতিয়া গুণগুণাইছিলা …

কাৰ সতে সৰি পৰা এজাৰৰ ফুলবোৰ

আঁচল পাতি ধৰিছিলা …

কোন নদীৰ তীৰত দুটি অকণি মাছে

সুৰসুৰাই দিছিল ভৰিৰ পতা…

মনত পৰেনে

ধাননি কঁপাই অহা বতাহজাকৰ এধানি শীতলতা

টিপচাকিৰ পোহৰত জলমলাই উঠা শেষৰটো আধা লিখা প্ৰেমৰ কবিতা …

গধূলি গভীৰ কৰা নিৰ্জনতাত

চকুলোৰে প্ৰতিজ্ঞা

আঘাতেৰে পুনঃনিৰ্মাণ

মনত পৰেনে …

ঢাপৰ হাঁফলু এটা জঁপিয়াই  পাৰ হৈ

এহালি চকু গৈ থাকে

গৈ থাকে পশ্চিমলৈ

বাটে বাটে খহি পৰে আজন্ম ভাৰ বৈ ফুৰা এবোজা সাঁথৰ

সমস্ত  সঁচা-মিছাৰ পাহাৰ বগাই

সুদূৰত নাচি থাকে এটি বালিঘোঁৰা

ইপাৰৰ এই মুখৰ নীৰৱতা

আন্ধাৰতো যি উজ্জ্বল …

Visited 4 times, 1 visit(s) today
Website |  + posts
Close