Written by sdblogs2011 12:44 pm Poems

আত্মকথা

অৰুণ গগৈ

গৰখীয়া বাটত লগ পোৱা কৃষকজনে

মোক বৰ দৃঢ়ভাৱে ক’লে

“ঘড়ী নোহোৱাকৈয়ে

বেলি চাই ক’ব পাৰোঁ

সময়ৰ হিচাপ

ৰ’দে-বৰষুণে সহিব পাৰোঁ

জীৱনৰ উত্তাপ”

মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ

ৰ’দৰ পোহৰ

কৰ্মঠ দুহাতত ঘামৰ টোপাল

মই আগ বাঢ়ি গৈ আন এজনক লগ পালোঁ

কামিহাড় জিলিকা দেহাৰে

জীৱনৰ ভৰ টানি টানি

তেওঁ ওঁঠত আঁকি লৈছে এটা হাঁহি

হাঁহিটোত দেখা পালোঁ

দুখবোৰ সামৰিব জনা কৌশল

মুকলি পথাৰখনত এজাক শিশু

শিশুবোৰৰ হাতে হাতে 

ছিগা কাগজৰ টুকুৰা

ভগা কলমৰ  নিপত চিঞাহিৰ আঁক-বাক

দুচকুত আকাশ চোৱাৰ হেঁপাহ

ফটা চোলাৰ সিয়নীত শিপাব ধৰা সপোন

অলং দলং খেল খেলি

শিশুহঁতৰ পূৰ্বপুৰুষ পৰিল ভাগৰি

মই অনুভৱ কৰিলোঁ মানুহবোৰৰ 

হাঁহিৰ আঁৰত থকা

জীৱনৰ কছৰৎ

নদী সোঁতৰ বিপৰীতে জীয়াই থকা

এটা কঠিন 

অথচ সৰল আলসুৱা শপত

ইপাৰৰ মানুহক চোৱাৰ হাবিয়াস

ইপাৰৰ বেলিক চুই চোৱাৰ হেঁপাহ

বেলিটোৱে নহয়

নদীয়ে দুভাগ কৰিছে সিহঁতৰ দূৰত্ব

নদী আৰু পানীৰ মিলন ঈশ্বৰপ্ৰদত্ত

মাজত ককবকায় মাথোঁঁ সিহঁতে

ঢলি পৰা বেলিৰ নেজত

বুৰ মাৰে সিহঁতৰ জীৱন পানচৈ

ব’ঠা নহয় 

নাও নহয়

লাগে সিহঁতক দলং

যদিও খেলে সিহঁতে অলং দলং

মই অহাৰ বাটেৰে উভতি আহিব পৰা নাই

মই নিশ্চিন্তমনে শুব পৰা নাই

চাব পৰা নাই মুকলি আকাশ

শিশুহঁতৰ সপোনৰ লগত

ময়ো হেৰাই গ’লোঁ

বেলিৰ বাটতত খোজ থ’বলৈ

ৰ’দৰ চোলা পিন্ধি

বৰষুণৰ টঙালি বান্ধি

দুহাতত তুলি ল’লোঁ আলফুল বেলিফুল ৷

ঠিকনা : 

     নাগাজাংকা, নগাওঁ

      ডাক : নাগাজাংকা

     ভায়া : মৰিয়নী     

      জিলা : যোৰহাট- ৭৮৬৫৩৪

      ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 2 times, 1 visit(s) today
Website |  + posts
Close