Written by sdblogs2011 4:55 am Poems

আঘোণৰ বাটেৰে শীত আহে

ববী বৰ্ণালী গগৈ

উকি মাৰি পাৰ হৈ গ’ল ভাটিমুৱা ৰে’লখন 

বতাহত ৰৈ গ’ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত 

বতাহজাক গধুৰ, শীত নামিছে

সেমেকা আবেলিৰ কান্ধত 

জিৰিক্‌ জিৰিক্‌ মাতেৰে 

গৈ থাকে সোণালী আঘোণ।

তই আহিবি নেকি নৰানিৰ মাজেৰে বাট কাটি?

আকৌ এবাৰ চেঁচু খান্দি বিচাৰিম আমাৰ ল’ৰালি!

আমি বোটলা লেছেৰিত লিখা আছে ফৰিঙৰ সাধু।

ৰহিলাৰ কথা পাতি নমাই আনিম সন্ধিয়াৰ তৰা।

মনত আছে—

ৰহিলাৰ ওঁঠত ফৰিং আৰু চকুত যাদু?

সেইজনী ৰহিলাৰ এতিয়া

দুজনী ছোৱালী; তাইৰ সেঁওতাটো পোন বাট এটা 

যেন সেইবাটেৰে ৰেঘা টানি 

আঘোণৰ পথাৰত সূৰুয নামে।

জাননে, এতিয়াও তাইৰ হাতত ৰূপালী জোনে নাচে।

মই চাই থাকোঁ 

চাই থাকোঁ শুকুলা আবিৰ সনা 

গাঁওখনলৈ কেনেকৈ জাৰ নামে।

আঘোণৰ বাটেৰে শীত আহে 

লাহে লাহে 

কেতিয়াবা পথাৰৰ সীমা গৰকি 

ভাহি আহে নৰা পেঁপাৰ মাত।

মোৰ বুকুতো বাজে বাগৰুম্বা 

তই কেতিয়া আহিবি?

শীত আহিলেই উদং হয় পূজাৰ বেদী।

শীত আহিলেই খীণাই যায় কপাহী নদী।

শীত আহিলেই জাক পাতি উৰে আলহী পখী।

আজি, আলসুৱা ৰ’দৰ কোলাত বহি 

গাঁওখনে কথা পাতিছে,

দেখিছোঁ, দূৰণিত আঘোণৰ কুঁৱলিয়ে

তোৰ গাঁৱৰ সেউজীয়া ঢাকিছে।

সঁচাকৈয়ে শীত নামিছে।

শীত নামিছে বুকুত।

ময়ো হৈ যাওঁ নেকি এটি অচিন পখী!

গুচি যাওঁ নেকি তোৰ চহৰলে’

শীত নমাবলৈ বুলি  

ঠিকনা :

নীপক’, বকুলনি

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 1 times, 1 visit(s) today
Website |  + posts
Close