Written by sdblogs2011 9:57 am Poems

আঘোণ

      অৰুণ গগৈ

আঘোণ মাহত     সোণালী সাজত

       পথাৰ উপচি পৰে

চহাৰ প্ৰাণত      সৰল মনত

      সুখৰ মুকুতা সৰে ৷

সোণালী ধাননি      শুৱনি দাৱনী

         ভৰি পৰিছে পথাৰ

খোজত নাচিছে     ছন্দত হালিছে

       জোনবিৰীয়াৰ ভাৰ ৷

ধানৰ মাজত    পাতৰ আঁৰত

          বতাচৰাইৰ মাত

ডেউকা কোবাই     উৰিছে বেগাই

      কঁপিছে ধানৰ পাত ৷

সোণালী পথাৰ      হেঁপাহ হেজাৰ

      দাৱনীৰ কথাৰ মেলা

লৱৰি ঢাপৰি       লেচেৰি বিচাৰি

      সমনীয়াই কৰে খেলা ৷

ভৰিছে ভঁৰাল       নাই আহুকাল

      সুখৰ নিজৰা বয়

আঘোণ মাহত       গাঁৱৰ ঘৰত

      ন-খোৱা আৰম্ভ হয় ৷

ঠিকনা:

গাঁও: মৰিয়নী নগাঁও

 ডাক : নাগাজাংকা  

 জিলা : যোৰহাট

 ডাক সূচাংক : ৭৮৫৬৩৪

 ভ্ৰাম্যভাষ : ৯৭০৭৩৯০৫৪০

Visited 2 times, 1 visit(s) today
Website |  + posts
Close