Written by sdblogs2011 3:03 am Articles

অসময়

মূল  : হুমায়ূন আহমেদ

অসমীয়া অনুবাদ  : জোনালী পাটোৱাৰী

ঘৰৰ ভিতৰ সোমায়েই দেখিলোঁ‌— বহাকোঠাৰ ছ’ফাত হালধীয়া কাপোৰ এখন গাত লৈ কোনোবা এজন শুই আছে। মুখখন দেখা নাযায়। টনটনীয়া সিৰ ওলোৱা লেতেৰা ভৰি দুখন ওলাই আছে। ছ’ফাখনৰ এহাতত লাগি থকা দাগটোৰ উৎসও যে সেই ভৰি দুখনেই, সেয়াও কোৱা বাহুল্য। খঙত মোৰ কাণ-মূৰ গৰম উঠি গ’ল। পাকঘৰত জৰীয়ে চাহ কৰি আছিল। মোক দেখা মাত্ৰেই হাঁহিমুখেৰে মাত লগালে, “চাহৰ লগত কি খাবা? আজি ঘৰত একো নাই। লুচি কৰোঁ‌?”

“কোন আহিছে?”— মই শুকান মাত এটাৰে সুধিলোঁ‌।

“নাজানো। মগবজাৰৰ আহি দেখোঁ‌— তেওঁ‌ শুই আছে। কৰিমে দুৱাৰ খুলি দিছে। তোমাৰ কোনোবা আত্মীয় বোলে।”

বহুত সময় ধৰি নীৰৱে বহি থাকিলোঁ। দুদিনৰ মূৰে মূৰে এয়া কি অদ্ভুত যন্ত্ৰণা! যোৱা সপ্তাহতহে দুগৰাকী আলহী আহিছিল। তাৰে এজনৰ আকৌ ঘৰলৈ ঘূৰি যোৱাৰ গাড়ী ভাড়াটোও নাছিল। যোৱাৰ পৰত হাতত টকা ত্ৰিছটা দি পঠাইছোঁ‌। মোৰ নিৰ্ধাৰিত দৰমহাত টকা ত্ৰিছটাৰো মূল্য আছে। সেয়ে মাহৰ বিছ তাৰিখৰ পাছত কোনোবা আলহী অহা দেখিলে মোৰ মন-মেজাজ নষ্ট হৈ যায়।

— “তুমি মুখ-হাত ধুই বাৰাণ্ডাত বহা। মই চাহ আনিছোঁ‌।”

 — “কিমান দিন থাকিব? তোমাক কিবা কৈছে নেকি?”

 — “নাজানো। কিন্তু বিছনাৰ কাপোৰ-কানি লৈ আহিছে। থাকিব চাগৈ কেইদিনমান।”

কথাখিনি কৈ জৰীয়ে মূৰ তল কৰি হাঁহিলে। এই হাঁ‌হিৰ আঁ‌ৰত কি কথা আছে, কোনে জানে! জৰীক যেন মই কেতিয়াবা কেতিয়াবা বুজি নাপাওঁ‌।

বিয়াৰ দিন ধৰি জৰীয়ে আলহীৰ সোধ-পোছ কৰিছে। প্ৰত্যেকজনেই মোৰ গাঁৱৰ দৰিদ্ৰ আত্মীয়-স্বজন। কিছুমান আহে চাকৰিৰ সন্ধানত, কিছুমান আহে চহৰৰ ডাক্তৰক বেমাৰ দেখুৱাবলৈ। আন কিছুমান আকৌ আহে অকল ফুৰিবলৈকে। নতুন এয়াৰপ’ৰ্ট চায়, চিৰিয়াখানা চায়, শিশুপাৰ্কত ঘূৰে। জৰী নিৰ্বিকাৰ। যেন এইবোৰ কোনো ভাবিবলগীয়া সমস্যাই নহয়।

মই প্ৰথমতে ভাবিছিলোঁ— জৰীয়ে মানুহক দেখুৱাবলৈ এনে আচৰণ কৰিছে। মোৰ আগতো প্ৰমাণ কৰিব খুজিছে যে তেওঁ নিজে ধনী ঘৰৰ ছোৱালী হৈও মোৰ দুখীয়া-নিচলা আপোন মানুহখিনিক অৱহেলা নকৰে। কিন্তু এতিয়া মই বুজি পাইছোঁ যে মোৰ সেই ধাৰণা শুদ্ধ নাছিল। কিবা এক বিচিত্ৰ কাৰণবশতঃ জৰী এইবোৰ কথাত বিৰক্ত নোহোৱাকৈ থাকিব পাৰিছে। যেতিয়া মোৰ কোনোবাজন বহু দূৰ সম্পৰ্কীয় ভাই বা ককায়ে আমাৰ বহাকোঠাৰ কাৰ্পেটৰ ওপৰত নাকটো চাফা কৰি লৈ টেবুল-ক্লথৰ একোণত হাতখন মচা দেখা পাওঁ, খং আৰু বিৰক্তিত মোৰ মূৰত তেজ উঠি আহে। অথচ সেইখিনি সময়তো জৰী একেবাৰে সহজ আৰু স্বাভাৱিক হৈ থাকে। কাৰ্পেটত নাক চাফা কৰাটো যেন গুৰুত্ব দিবলগা কথাই নহয়।

বাৰাণ্ডাত ফিৰফিৰিয়া বতাহ৷ তথাপি মোৰ মনটো মুকলি নালাগিল। হাতত চাহৰ কাপ লৈ মোৰ ওচৰলৈ অহা জৰীক ক’লোঁ—  “এনেকৈ আলহী আহি থাকিলে আমি দেখোন চলিবই নোৱাৰিম, জৰী!”

 — “যিমান দিন পাৰি, চলোঁচোন। তুমি চাহকাপ খাই মানুহজনক জগাই দি কথা-বাৰ্তা পাতা। খং কৰিবলৈ কিটো আছে কোৱা!”

 — “কি ক’লা তুমি, খং কৰিব নালাগে?”

 — “নালাগে”।

 — “সময় নাই, অসময় নাই, স্পঞ্জৰ চেণ্ডেল চোঁচৰাই চোঁচৰাই মূৰত কঁ‌ঠাল এটা লৈ যি কোনো মানুহ মোৰ ঘৰলৈ সোমাই আহিব আৰু মই দৌৰি গৈ চেনেহতে তেওঁৰ ডিঙিত সাবট মাৰি ধৰিম?”

জৰীয়ে খিলখিলাই হাঁহি উঠিল। যেন বহু দিন ধৰি তেওঁ এনে ধৰণৰ হাস্যকৰ কথা শুনাই নাছিল! চাহ খাই থাকোঁতেই গম পালোঁ‌—  আলহীয়ে সাৰ পাই মোৰ খবৰ লৈছে৷ আগবাঢ়ি গৈ দেখিলোঁ‌—  হাসু খুড়া। প্ৰায় এঘাৰ বছৰৰ মূৰত দেখিলোঁ তেওঁক। সোঁ‌গালৰ ৰঙা দাগটো নাথাকিলেতো তেওঁক চিনিবৰ উপায়েই নাছিল। চেহেৰা কেনেকুৱা যে হৈ গৈছে! মূৰৰ চুলি সৰি সৰি শেষ হৈ গৈছে, হাত-ভৰিবোৰ শুকাই লিংলিঙীয়া হৈ গৈছে। মোক দেখিয়েই মাত লগালে— “বিয়া পাতিলি! মোক খবৰ এটাও  নিদিলি৷”

 — “আপুনিও মোক ইমান বছৰে একো খা-খবৰ দিয়া নাই, খুড়া৷”

 — “হয়, হয়, ঠিকেই কৈছ তই।”

 — “আপোনাৰ  হৈছে কি? বৰ দুৰ্বল দেখিছোঁ আপোনাক।”

 — “মৰণ-ৰোগ৷ মৃত্যুৰ সময়ত মানুহৰ যিবোৰ অসুখ হয়, সেইবোৰ। ভাবিলোঁ‌— মৰাৰ আগতে তোকে-বোৱাৰীকে চাই যাওঁ‌। মানুহবোৰৰ মুখত বোৱাৰীৰ বহুত প্ৰশংসা শুনিছোঁ‌৷”

  জৰীৰ ওচৰলৈ গৈ ক’লোঁ‌, “আমাৰ হাসু খুড়া।”

 — “তুমি যাৰ ঘৰত থাকি মেট্ৰিক পৰীক্ষা দিছিলা?”

 — “ অঁ‌।”

 — “আজি প্ৰথম দেখিছোঁ তুমি আলহী দেখি বিৰক্ত হোৱা নাই।”

 — “হাসু খুড়া নাথাকিলে মোৰ পঢ়া-শুনা কৰাই নহ’লহেঁতেন, জৰী৷”

 — “পঢ়া-শুনা নহ’লে তুমি মোকো লগ নাপালাহেঁতেন। অৰ্থাৎ আমি দুটা লগ হোৱাৰ মূলততো এই হাসু খুড়াই।”— জৰীয়ে হাঁহি হাঁহি ক’লে।

ৰাতিলৈ খুড়াৰ অৱস্থা বেয়ালৈ গ’ল। তীৰকঁ‌পে জ্বৰ উঠিল। ৰাতি এঘাৰ বজাত চুবুৰিৰে ডাক্তৰ আফজল ডাঙৰীয়াক মাতি আনিলোঁ‌। তেওঁ ৰোগীক দেখিয়েই হস্পিটেললৈ নিয়াৰ পৰামৰ্শ  দিলে। দীঘলকৈ উশাহ টানি টানি হাসু খুড়াই ক’লে— “নালাগে, নালাগে। দৰকাৰ নাই৷”

 — “আপুনি প্ৰয়োজন নাই বুলি ক’লেই নহ’ব নহয়! জীৱন-মৃত্যুৰ প্ৰশ্ন৷”

মোক একাষে মাতি নি জৰীয়ে ক’লে— “খুড়াৰ ঘৰৰ মানুহক খবৰ দিয়া ভাল হ’ব যেন পাইছোঁ‌। চকুৰ চাৱনিটো কেনে হৈ গৈছে চোৱাচোন। তুমি মোৰ পেহাৰ তালৈও যোৱা এবাৰ৷ পাৰিলে পেহাক লগত লৈয়েই আহাগৈ।”

পেহা অৱশ্যে নাহিল। জৰীৰ আপোন মানুহখিনি কেতিয়াও আমাৰ ঘৰলৈ নাহে। তথাপি তেওঁ হস্পিটেলৰ ব্যৱস্থাখিনি কৰি দিলে। খঙাল মাত এটাৰে ক’লে, “হোৱাই-নোহোৱাই ঘৰত জঞ্জাল নচপাবা। হস্পিটেললৈ লৈ যোৱা। মই কৈ থ’ম—  তেওঁলোকে ভালদৰে চোৱাচিতা কৰিব।”

ঘৰলৈ উভতি আহি দেখিলোঁ‌—  হাসু খুড়াৰ অৱস্থা আৰু বেয়ালৈ গৈছে। মোক চিনি নাপালে। কিবা সুধিলেও উত্তৰ নিদিয়ে। মাত্ৰ মূৰটো ঘূৰাই ঘূৰাই চাৰিওপিনে চাই আছে।

জৰীয়ে পানী এগিলাচ লৈ সোমাই অহাৰ লগে লগে অবাক হৈ মাত দিলে খুড়াই— “মিনু, অ’ মিনু!”

জৰীয়ে উচাপ খাই উঠিল— “কোন মিনু?”

 — “হাসু খুড়াৰ ছোৱালী। ঢুকাইছে৷ বহু দিন হ’ল।”

হাসু খুড়াই সেহাই সেহাই আকৌ মাতিলে— “মিনু, মিনু মা, আহ, ওচৰলৈ আহ, … আহ৷”

ৰাতি এক বজাত হাসু খুড়াক হস্পিটেললৈ লৈ গ’লোঁ‌। ঘৰলৈ উভতি আহোঁ মানে দুই বাজিয়েই গ’ল। জৰী একে ঠাইতে থৰ হৈ বহি আছে। মুখখন শুকান। এদিনৰ কষ্টতেই বেচেৰীৰ চকুৰ গুৰি ক’লা পৰি গৈছে।

 — “এতিয়া কেনে?”

 — “বৰ ভাল নহয়। চেলাইন দিছে।”

 — “চাহ খাবা?”

 — “ইমান ৰাতি নাখাওঁ‌ দিয়া৷”

 — “খোৱানা৷ মোৰো খাবলৈ মন গৈছে। হাত-মুখ ধুই বাৰাণ্ডাতে বহা, মই লৈ গৈছোঁ‌।”

প্ৰায় শেষৰাতি আমি শুবলৈ গ’লোঁ। লাইট নুমাই বিছনাত উঠি জৰীয়ে লাহেকৈ ক’লে, “তোমাৰ হাসুখুড়াৰ যে মিনু নামৰ ছোৱালী এজনী আছিল, কথাটো কিন্তু তুমি মোক কোনোদিনে কোৱা নাছিলা।”

 — “তোমাক ক’বলগাকৈ দৰকাৰী কথা বুলি ভবাই নাছিলোঁ‌।”

বহুত সময় ধৰি জৰী মনে মনে থাকিল। তাৰ পাছত হঠাৎ মাত দিলে, “মোক খুব নিবিড়ভাৱে মৰম কৰাৰ সময়ত মাজে মাজে কিন্তু তুমি মোক ‘মিনু’ বুলি মাতা৷”

মই একো উত্তৰ নিদিলোঁ‌। জৰীয়ে আকৌ সুধিলে, “খুড়াৰ  ছোৱালীজনী কেতিয়া ঢুকাইছিল?”

 — “ক্লাছ নাইনত।”

 — “দেখিবলৈ কেনেকুৱা আছিল?”

মনে মনে থাকিলোঁ। জৰীয়েও আৰু একো নুসুধিলে। আৰু এসময়ত জৰীয়ে মোৰ হাতখনত নিজৰ হাতখন থ’লে। ভালপোৱাৰ গভীৰ স্পৰ্শ! বাহিৰৰ অস্পষ্ট পোহৰত জৰীৰ মুখখন অবিকল সেই তাহানিৰ কিশোৰী মিনুৰ মুখখন যেন লাগিল।

সেইখন মুখ মই অতদিনে পাহৰিয়েই গৈছিলোঁ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 4 times, 1 visit(s) today
Website |  + posts
Close