Written by sdblogs2011 3:54 am Poems

অষ্টাদশ ছনেট

মূল : পাবলো নেৰুদা

অনুবাদ : ৰঞ্জুমণি মহন্ত

তুমি পাহাৰ চেৰাই যোৱাঁ

বতাহৰ দৰে৷

অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে

নাইবা তোমাৰ ঢৌ খেলা চুলিৰ

হয়, তোমাৰ সোণোৱালী চুলিৰ সূৰুয জলমল বৈভৱৰ দৰে৷

তোমাৰ দেহত শুভ্ৰ ককেছাছৰ আটাইখিনি পোহৰ

পিয়লাত পানীয়ৰ পকনীয়াই সলোৱাৰ দৰেই সলোৱাঁ ৰূপ

যিদৰে নদীৰ উদ্দাম গতিৰ স’তে পানীয়ে সলনি কৰে গান

আৰু আকাৰ 

পাহাৰৰ ভাঁজে ভাঁজে গুচি গৈছে কোনোবা প্ৰাচীন যোদ্ধাৰ যাত্ৰাপথ

আৰু তলত-

উপত্যকাৰ আঁজলিত

তৰোৱালৰ ধাৰৰ দৰেই

চিকমিক জলাধাৰ

 তেতিয়ালৈ,

যেতিয়ালৈকে

হঠাৎ চমকি উঠা বিজুলীৰ দৰে তুমি

অৰণ্যই পঠোৱা এথোপা নীলা ফুলৰ

আঘাত নোপোৱাঁ

শৰবিদ্ধ নোহোৱাঁ

আৰণ্যক ঘ্ৰাণৰ৷

 (Bethany Wilkins আৰু Remy Wilkins-য়ে কৰা ইংৰাজী অনুবাদৰ পৰা।)

Visited 2 times, 1 visit(s) today
Website |  + posts
Close