Written by sdblogs2011 7:53 am Poems

অশুচি মেদিনী

প্ৰয়াগ শইকীয়া

(‘অন্যযুগ’ত শিবানন্দ কাকতিৰ গল্প ‘মেকবেথ’ পঢ়ি)

মধুকৈতভ আৰু মেকবেথ

আটায়ে ঘাতক

আটাইৰে কলুষতাৰে আজিও অশুচি ধৰণীৰ ত্বক

ত্ৰিকালৰ তিনিজনী ডাইনী

কিনো পাশাৰে বাৰে বাৰে কঁপাৱ মেদিনী

কিয় বাৰে বাৰে তোল ৰজা হোৱাৰ জঁক

মধু আৰু কৈতভ দুয়ো অসুৰ আছিল

সুৰৰ পক্ষত ৰোৱা প্ৰভূৱে সংহৰিছিল

ছেক্সপীয়েৰৰ মেকবেথ মানুহ আছিল

ৰজা হৈ ক্ষমতাৰ জালত খাইছিল পিছল

উত্থানৰ শেষত সময়-বিচাৰৰ গৰল

জীৱনৰ দুদণ্ড সময়

তেজৰ ফাকুত পৰিলে জঁই

এনে লাগে ৰাজনীতিৰ চাতুৰীক

ৰুধিবলৈ কলমেই হ’ব পাৰে একান্ত হাতুৰী

নহ’লেনো পুৰাণৰ কলম 

ছেক্সপীয়েৰৰ কলম 

অৰিন্দম + আনন্দৰ কলম মেদিনীত আজিও সক্ৰিয় কিয়

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 3 times, 1 visit(s) today
Website |  + posts
Close