Written by sdblogs2011 5:22 am Poems

অলপ মেটাফৰিকেল

 চুনা কুমাৰ পাঠৰী

১.

ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু

জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা টোপনি।

ন’ন মেটাবলিজম উগাৰ। তাৰ মাজতে ষ্টাৰ্টিং সমস্ত এটা কবিতাৰ কাহিনী।

আৰু চিন্তাৰ ভৌগোলিক পৰিধিত পাৰিশ্ৰমিক সম্পাদনা। পুনৰ অতি সম্পাদনা

অথবা সমালোচনাত মৃত্যু চেলুলইড ভ্ৰূণ শব্দৰ। অনাহকত নষ্ট কবিৰ কাগজ।

এখিলা এখিলা, বহুখিলা কাগজ। কিন্তু ইণ্টাৰেষ্টিং কি যে আজিকালি

কবিতাতকৈও কবিৰ স্থানহে আগত, বিদ্যা শপত…!

২.

বৰ দীঘল দীঘল কবিৰ শাৰী, আঐ একো ধৰিবকে নোৱাৰি।

চৰৈৱেতি চৰৈৱেতি – কবি পথাৰত নে কবিসন্মিলনত আজি!

– কবিৰ কবিতা পঢ়ি এপাৰি দাঁত ভাগিল। মেংগানিজ কঠিন দাঁত।

ক্ষমাপ্ৰাৰ্থী! আমি অল্পমতি! আমাৰ হ’লে অলপো দোষ নাই গাত।

কবিতা কি দুৰ্বোধ্য? কঠিনতকৈও কঠিন! ইয়াতেই ভুল মানুহৰ, কেৱল

কঠিনতা মানেই যে কবিতা নহয়! তোষামোদকাৰীৰ হয় হয়..।

ভ্ৰাম্যভাষ : ৭০০২৫৯৪৭৬৮

Visited 2 times, 1 visit(s) today
Website |  + posts
Close