অনুবাদ : দীপজ্যোতি বৰা
(১) এখন চিঠি
মই–
এচুকত পৰি থকা এখন কিতাপ
অথবা কোনো সন্তৰ সিদ্ধ-বচন,
ৰুদ্ৰাক্ষৰ এডাল মালা
অথবা কামশাস্ত্ৰৰ এটা কাণ্ড
অথবা কোনো আসন
গুপ্ত ৰোগৰ বাবে প্ৰচলিত এটা লোক-মন্ত্ৰ
কিন্তু মই জানো, মই ইয়াৰ এটাও নহয়
(হোৱাহ’লে নিশ্চয় কোনোবাই পঢ়িলেহেঁতেন)
এনে লাগে,
বহু বছৰ আগেয়ে
ক্ৰান্তিকাৰীৰ এখন সভা বহিছিল,
গ্ৰহণ কৰা হৈছিল এটা প্ৰস্তাৱ
আৰু মই…
তাৰেই এটা প্ৰতিলিপি,
সমৰ্থনপ্ৰাপ্ত অথচ কোনোদিন কাৰ্যতঃ নোহোৱা
এটা প্ৰস্তাৱ,
পুলিচৰ ছাডেন ভিজিট
তথ্যৰ খাতিৰতে সাঁচি ৰখা মোৰ পাণ্ডুলিপি,
এতিয়া মাথোঁ কেইটামান পক্ষী আহে
ঠোঁটৰ ফাঁকত শুকান আঁহ লৈ
মোৰ কান্ধত বহে,
উত্তৰ পুৰুষৰ কথা ভাবে
(সিহঁতে জানে, ভৱিষ্যতৰ কল্পনাতকৈ মধুৰ কোনো চিন্তা নাই)
কিন্তু, এটা যত্নৰ বাবে সিহঁতৰ ডেউকা থাকে,
থাকে উত্তৰ পুৰুষ৷
যি ডেউকা প্ৰস্তাৱৰ নাই!
(অথবা উত্তৰ পুৰুষ!)
মাথোঁ কেতিয়াবা ভাবোঁ
যে শুঙি চাওঁ—
ক’ত আছে মোৰ ভৱিষ্যত?
এই চিন্তাতে মোৰ মলাট এৰায়
আৰু যেতিয়া শুঙি চাওঁ
মাথোঁ অতীতৰ গোন্ধ পাওঁ…
অ’ মোৰ পৃথিৱীৰ ভৱিষ্যত,
মই— তোমাৰ বর্তমান অৱস্থা!
(২) আত্মমিলন
মধুচন্দ্ৰিকাৰ পাটি
সাজু আছে মোৰ,
মাথোঁ জোতা আৰু কামিজৰ দৰে
তুমি খুলি দিয়াঁ তোমাৰ মঙহ
আৰু সেই মুঢ়াটোত থোৱাঁ৷
এয়া কোনো বিশেষ প্ৰথা নহয়
মাথোঁ প্ৰতিখন দেশৰ নিজৰ কথা!
(৩) এচপৰা ৰ’দ
সেই সময় মোৰ মনত আছে—
যেতিয়া সূৰুযৰ আঙুলিত ধৰি
এচপৰা ৰ’দে এন্ধাৰৰ মেলা চাইছিল
আৰু নিজক হেৰুৱাইছিল
কি যে বান্ধোন আছে—
ভয় আৰু নির্জনতাৰ,
মই তাৰ কোনো নাছিলোঁ
অথচ সি মোৰ হাতত ধৰিছিল৷
মই তোমাক বিচাৰিছিলোঁ
মোৰ হাতত লাগিছিল
হাতৰ পৰা এৰাব নোৱাৰা
এটা কোমল তপত নিশাহ
পাৰাপাৰ আন্ধাৰৰ মেলাত
মই শুনিব পাৰিছিলোঁ
কোলাহলৰ মাজত মৌনতাক,
দেখা পাইছিলোঁ
এচপৰা ৰ’দ যেন তোমাক…!
অমৃতা প্ৰীতম :
পাঞ্জাৱৰ গুজৰাৱালাত জন্মগ্ৰহণ কৰা অমৃতা প্ৰীতম(১৯১৯-২০০৫) কেৱল পাঞ্জাৱী সাহিত্যৰে নহয়, সমগ্ৰ ভাৰতীয় সাহিত্যৰে এটা জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত নাম৷ একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক অমৃতা প্ৰীতমৰ সাহিত্যকৃতিয়ে জীৱনৰ প্ৰতি তেখেতৰ সূক্ষ্ম-গভীৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ লগতে সমকালীন সমাজৰ অগণন দিশকো উদ্ভাসিত কৰে৷ নাৰী-ভাৱনা আৰু নাৰীবাদী চেতনাই বহুক্ষেত্ৰত তেখেতৰ গল্প-উপন্যাসৰ গতি নির্ণয় কৰে৷ সাহিত্য অকাডেমি বঁটা আৰু জ্ঞানপীঠ সন্মানেৰে বিভূষিত অমৃতা প্ৰীতমৰ উল্লেখযোগ্য কৃতিৰ ভিতৰত ‘ধুপ কা টুকৰা’, ‘ৰচীদী টিকত’, ‘পিঞ্জৰ’, ‘অন্তিম পত্ৰ’, ‘এক চহৰ কী মৌত’ ইত্যাদি অন্যতম৷
দীপজ্যোতি বৰা
গৱেষক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়
গুৱাহাটী-৭৮১০১৪
(৬০০২১-০৬৮৯৫)
পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা
