Written by sdblogs2011 11:08 am Articles

অব্যাহৃত

শিশুসাহিত্যিক ইন্দ্ৰকান্ত কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলি

ৰঞ্জুমণি মহন্ত

সপ্তম শ্ৰেণীত বৃত্তি পাওঁতে ‘মৌচাক’-ত “এওঁলোকে বৃত্তি লাভ কৰিছে” শিতানত মোৰ ফটো ওলোৱাত দেউতাই ‘মৌচাক’-ৰ সেই সংখ্যাটো কিনি আনিছিল আৰু সেইদিনাই মোৰ ‘মৌচাক’-ৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল৷ তাৰ আগলৈকে মই ‘সঁফুৰা’হে পঢ়িছিলোঁ৷ ৰঙীন পৃষ্ঠাৰে সৈতে ডাঙৰৰ লেখাৰ লগতে অনেক অকণিৰ লেখাৰে ভৰপূৰ ‘মৌচাক’খনে মোক বৰকৈ মোহাচ্ছন্ন কৰি তুলিছিল৷ বিশেষকৈ সেই মাহৰে পৰা নতুনকৈ আৰম্ভ কৰা ‘ছৰজাইনৰ অতিথি’ শীৰ্ষক শিশু কল্পকাহিনীৰ প্ৰথমটো খণ্ডই মোক এনেকৈ আচ্ছন্ন কৰি তুলিলে যে মই ‘মৌচাক’খন এৰিব নোৱৰা হৈ পৰিলোঁ৷ ইটো সংখ্যাৰ পৰা সিটো সংখ্যালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা হ’লোঁ৷ মাহটো নাযায়-নুপুৱায় লগা হ’ল৷ ‘মৌচাক’খন হাতত পৰাৰ লগে লগে প্ৰথমেই ‘ছৰজাইনৰ অতিথি’ পঢ়িহে বাকীবিলাক লেখা পঢ়োঁ৷

এইদৰে কেইমাহমান যোৱাৰ পাছত এদিন মৌচাকৰ পাতত এটা ঘোষণা চকুত পৰিল৷ ঘোষণাটোত কোৱা হৈছিল যে মৌচাকৰ অকণিসকলৰ মাজত ‘ছৰজাইন বঁটা’ নামেৰে এখনি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷ ‘ছৰজাইনৰ অতিথি’ৰ শেষৰ খণ্ডটোৰ লগত উপন্যাসখনৰ বিষয়ে এলানি প্ৰশ্ন প্ৰকাশ কৰা হ’ব৷ সেই প্ৰশ্নসমূহৰ উত্তৰৰ লগতে উপন্যাসখন পঢ়ি কেনে লাগিল চমুকৈ লিখি ‘মৌচাক’ৰ ঠিকনালৈ ডাকযোগে পঠাই দিব লাগিব৷ সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু শ্ৰেষ্ঠ মতামত দিওঁতালৈ আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হ’ব৷ ঘোষণাটোৱে ‘ছৰজাইনৰ অতিথি’ৰ প্ৰতি মোৰ আকৰ্ষণ দুগুণে বঢ়াই তুলিলে৷ স্কুলৰ পঢ়াতকৈও বেছি মনোযোগেৰে উপন্যাসখন পঢ়িবলৈ ধৰিলোঁ৷

ঘোষণামতেই উপন্যাসখনৰ শেষৰ খণ্ডটোৰ সৈতে প্ৰশ্ন এলানি প্ৰকাশ হ’ল৷ আন বহুতৰে দৰে ময়ো প্ৰতিযোগিতাত যোগদান কৰিলোঁ৷ ছমাহমানৰ উৎকণ্ঠা আৰু অধীৰ আগ্ৰহৰ অন্ত পেলাই এদিন যেতিয়া ফলাফল ঘোষণা কৰিলে, তেতিয়া আছিল মোৰ হতবাক হোৱাৰ পাল৷ কাৰণ ‘ছৰজাইন বঁটা’ৰ ফলাফলৰ প্ৰথম স্থানত আছিল মোৰ নাম৷ সপোনৰো অগোচৰ এই ঘটনাই মনলৈ আনি দিয়া আনন্দ-উত্তেজনাৰ ঢৌ নৌ মাৰ যাওঁতেই কেইদিনমান পাছতে ডাকত মোৰ নামত এখন চিঠি আহিল, য’ত ৰৈ আছিল মোৰ বাবে আন এটা বিস্ময়৷ কাৰণ ‘ছৰজাইন বঁটা’ পোৱাৰ বাবে শুভেচ্ছা জনাই সেই চিঠিখন দিছিল মোৰ সেই সময়ৰ আটাইতকৈ প্ৰিয় লেখক ‘ছৰজাইনৰ অতিথি’ৰ স্ৰষ্টা স্বয়ং শ্ৰদ্ধেয় ইন্দ্ৰকান্ত কাৰ্কীদেৱে৷

অসমীয়া শিশুসাহিত্যৰ ক্ষেত্ৰখনক অতি উচ্চমানৰ লেখাৰে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ইন্দ্ৰকান্ত কাৰ্কীদেৱ অন্যতম৷ তেখেতৰ ‘বগা ভালুক’ ‘ছৰজাইনৰ অতিথি’, ‘কাঠমাণ্ডু কাঠমাণ্ডু’, ‘জাল’, ‘চোৰধৰা যন্ত্ৰ’ৰ দৰে শিশুৰ মন-প্ৰাণ আলোড়িত কৰিব পৰা লেখা অসমীয়া ভাষাত খুউব কমেইহে আছে৷ বিশেষকৈ অসমীয়া শিশুসাহিত্যত যি এমুঠিমান কল্পকাহিনী আছে তাৰ ভিতৰত কাৰ্কীদেৱৰ ‘ছৰজাইনৰ অতিথি’ নিশ্চিতভাৱে অন্যতম৷

সাহিত্যচৰ্চাৰ বাহিৰেও তেখেতে সংগীতৰো চৰ্চা কৰিছিল৷ গোৰ্খা সংগীতৰ জগতখনৰ তেখেত এটা পৰিচিত নাম আছিল৷ গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক হিচাপেও তেওঁ নিজৰ এটা পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷

বহু উচ্চমানৰ লেখাৰে অসমীয়া শিশুসাহিত্যক সমৃদ্ধ কৰা এই প্ৰচাৰবিমুখ সাহিত্যিকজনে যোৱা ২৩.০৭.২০২১ তাৰিখে পৰলোকলৈ গতি কৰিলে৷  অত্যন্ত দুখৰ বিষয় এয়ে যে তেখেতে তেখেতৰ অৱদানৰ বাবে জীৱিত কালত কোনো ধৰণৰ স্বীকৃতিতো নাপালেই, আনকি মৃত্যুৰ বাতৰিটোৱেও অসমৰ প্ৰচাৰ মাধ্যমত বিশেষ গুৰুত্ব নাপালে৷

তেখেতৰ বিয়োগে অসমীয়া শিশুসাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি কৰিলে৷ সাহিত্যিকজনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিলোঁ৷

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close