Written by sdblogs2011 8:08 pm Poems

অবিনাশী সত্তা

ৰাজেন দাস

(হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে)

বয়স হ’লে ভয় লাগে

জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায়

ডেকা কৰাৰ মনো বছৰি উকলি থাকে 

উভতি নাহে এতিলমানো ভালপোৱা

তোমাৰ কথা মনত পৰিলে সাহস বাঢ়ে

তুমি যে ভালপোৱাক দুখ নিদিয়াঁ

নিজৰ মাজতে ভালপোৱাক চলাথ কৰাঁ

পৃথিৱীলৈ আহোঁতে কান্দি আহিছিলোঁ

নে হাঁহি আহিছিলোঁ মনত নাই

তথাপি অকণো বেয়া লগা নাই

ইমান ভিৰৰ মাজত 

মই তোমাৰ

তুমি মোৰ 

কিয় এনে হয়

তোমাৰ দুবাহুৰ মাজত

বিশ্বব্ৰহ্মাণ্ডৰ সকলো সৰু হৈ যায়

তথাপি সত্তা মাটিত মিলিলে

মাটিয়ে সাবট মাৰে বুকুলৈ

নদীয়ে টানে গভীৰলৈ

মানুহে সাবটি ধৰে নমৰালৈ… 

ভ্ৰাম্যভাষ – ৯১০১২২১৪৩৬

Visited 1 times, 1 visit(s) today
Website |  + posts
Close