Written by sdblogs2011 8:37 pm Articles

‘অন্যযুগ সাহিত্য সন্মান ২০২০’-ৰ প্ৰাপক ড° এম কামালুদ্দিন আহমেদে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

     শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ।

    প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰপৰা মচি পেলাবলৈ৷ সঁচাকৈয়ে কৈছোঁ নাম-যশৰ কথা কেতিয়াও ভবা নাছিলোঁ৷ কিন্তু উৎকৃষ্ট কবিতা লিখাৰ আগ্ৰহ এটা সূচনা-পর্বতে সোমাই আছিল, সেই কথা আজি ক’বলৈ পাই আনন্দ অনুভৱ কৰোঁ৷ ঈপ্সিত কবিতা কেতিয়াকৈ লিখিব পাৰিম নাজানো৷ কিন্তু সেই অভিযান আজিও চলি আছে৷ জানো সফল হ’ম নে নহ’ম! জাঁ পল ছাঁতৰ ‘What is Literature’ গ্ৰন্থত দৰিদ্ৰ আৰু অনাহাৰী জীৱনৰ সাহিত্য ৰূপায়ণৰ কথা আছে৷ এই কথাই শেহতীয়াভাৱে মোক বিশেষভাৱে আলোড়িত কৰিছে :

              দীঘল কিচকিচীয়া চুলি এডালি

              বতাহত উৰি আহিছিল

              এছাৰেকণিত

              পৰমান্নৰ স্বর্গীয় গোন্ধ বিয়পিব লওঁতেই

              সূর্যকণাই তাৰ সমস্ত শক্তিৰে

              বাধা দিছিল

              সূর্যকণাই কৈছিল

              জীৱন্মুক্তিৰ বাসনা 

অন্নতহে সনা আছে

অন্ন নাঙঠ

সূর্যকণাই কৈছিল

তাক একো আৱৰণ

নিপিন্ধাবা

                     (সূর্যকণা)

       অসমীয়া ভাষালৈ পৃথিৱীৰ কাব্য-প্ৰৱাহ বোৱাই অনাৰ আগ্ৰহতে শংখ ঘোষ, সুবোধ সৰকাৰৰ দৰে ভাৰতীয় কবিৰ কবিতাৰ লগতে ইংৰাজীৰপৰা ভাঙি উলিয়াইছোঁ টি. এছ. এলিয়ট, য়েহুদা আমিখাই, পেট্ৰিক কাভাফি, জর্জ লুই বর্হেজ, চিমাছ হিনী, চিলভিয়া প্লাথ, ফিলিপ লাৰকিন, হেৰল্ড পিণ্টাৰ আদিৰ কবিতা৷ মোৰ নিজৰ কবিতাৰ জগত, ভাষা-আংগিকৰ ক্ষেত্ৰতো এইবোৰৰ প্ৰেৰণা থাকিলেও থাকিব পাৰে৷ 

       এটা সামাজিক দায়িত্ববোধে মোক সমালোচনা জগতলৈ আনিছে৷ উত্তৰ-আধুনিক তত্ত্বৰ প্ৰতি আকুলতা অনুভৱ কৰিলেও মোৰ সমালোচনাৰে সাহিত্য-কর্মৰ প্ৰতি জীৱন্ত সঁহাৰি দিয়াৰ প্ৰয়াস কৰোঁ৷ এটা ভাবগত বিস্তৃতি দিবলৈও বিনম্ৰ প্ৰয়াস কৰোঁ৷ আধুনিকতাবাদী অসমীয়া কবিতাৰ প্ৰসংগত বিদেশী কবিতাৰ প্ৰভাৱৰ বিষয়টো মোৰ গভীৰ অনুসন্ধিৎসাৰ বিষয়৷ এটি শৃংখলাৰ মাজেৰে মই যাব বিচাৰোঁ আৰু বস্তুনিষ্ঠতা মোৰ সমালোচনাৰ পাথেয় কৰিব খোজোঁ৷ 

      ‘অন্যযুগ সাহিত্য সন্মান ২০২০  প্ৰদান কৰা বাবে মই উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ 

এম. কামালুদ্দিন আহমেদ

যোৰহাট, ১৩ ফেব্ৰুৱাৰি, ২০২২

Visited 4 times, 1 visit(s) today
Website |  + posts
Close