যোৱা ১৩ ফেব্ৰুৱাৰিত যোৰহাট প্ৰেছক্লাবত ‘অন্যযুগ’ আলোচনীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ বিজ্ঞান আৰু সাহিত্য’ শীৰ্ষক এই বৰ্ষৰ ‘অন্যযুগ-বক্তৃতা’ প্ৰদান কৰে বিশিষ্ট সাহিত্যিক অভিজিত শৰ্মা বৰুৱাই৷ তেখেতে বিজ্ঞান, কল্পবিজ্ঞান, ফেণ্টাছী, সহজবোধ্য বৈজ্ঞানিক প্ৰবন্ধ আৰু বিজ্ঞান জনপ্ৰিয়কৰণত এইবোৰৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে৷ সেই একেই অনুষ্ঠানৰ লগতে কভিডকালীন পৰিস্থিতিৰ বাবে স্থগিত ৰখা ‘অন্যযুগ সাহিত্য সন্মান-২০২০’ আৰু ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়৷ ‘অন্যযুগ সাহিত্য সন্মান-২০২০’ প্ৰদান কৰা হয় বিশিষ্ট কবি, সমালোচক, অনুবাদক ড০ এম কামালুদ্দিন আহমেদক আৰু ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ প্ৰদান কৰা হয় বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিবানন্দ কাকতিক৷ ‘অন্যযুগ’ৰ হৈ দুয়োজন সন্মান প্ৰাপককে এই সন্মান প্ৰদান কৰে ‘অন্যযুগ’ৰ প্ৰতিষ্ঠাপক সম্পাদক ড০ বসন্তকুমাৰ গোস্বামী আৰু উপদেষ্টা ড০ পোনা মহন্তই৷ অনুষ্ঠানটোত বিশিষ্ট বিজ্ঞানী, শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰাপক ড০ বিনয় কুমাৰ শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়৷ অন্যযুগ সাহিত্য সন্মান ২০২০ গ্ৰহণ কৰি কামালুদ্দিন আহমেদে কয় যে তেখেতে কবিতা লিখিবলৈ লৈছিল তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি দেহৰ পৰা মচি পেলাবলৈ৷ নাম-যশৰ কথা কেতিয়াও ভবা নাছিল৷ অন্যযুগে তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনজন সন্মানপ্ৰাপক শিবানন্দ কাকতিয়ে ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ গ্ৰহণ কৰি তেখেতৰ ভাষণত কয় যে আলিবাট তেখেতৰ এটা প্ৰিয় শব্দ৷ পৃথিৱীৰ সকলো সলনি হয় বা সলনি হ’ব পাৰে, কিন্তু আলিবাটবোৰ সলনি নহয়৷ দুই এক মেৰামতি, আহল-বহল হোৱা, শিল আলকাটাৰা পৰা, পকী হোৱা – এইবোৰৰ বাহিৰে আলিবাটবোৰ মূলতঃ একেই থাকে৷ অন্যযুগে তেখেতক এই সন্মান প্ৰদান কৰাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷
‘অন্যযুগ’ৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’ প্ৰদান অনুষ্ঠানৰ কেইমান মুহূৰ্ত :
| বাওঁফালৰ পৰা ক্ৰমে অভিজিত শৰ্মা বৰুৱা, ‘অন্যযুগ’ৰ উপদেষ্টা ড০ পোনা মহন্ত, প্ৰতিষ্ঠাপক সম্পাদক ড০ বসন্তকুমাৰ গোস্ৱামী আৰু শান্তিস্বৰূপ ভটনাগৰ বঁটাপ্ৰ্পক বিজ্ঞানী ড০ বিনয় কুমাৰ শইকীয়া |
| বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিবানন্দ কাকতিক ‘অন্যযুগ সাহিত্য সন্মান-২০২১’ প্ৰদান কৰে ‘অন্যযুগ’ৰ ড০ পোনা মহন্তই |
| অন্যযুগৰ ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্তই সম্পাদক ড০ মৃদুল শৰ্মাক চতুৰ্থ বৰ্ষপূৰ্তি ৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত |
| অন্যযুগৰ সহযোগী ব্যৱস্থাপক দেৱজিৎ ভৰালীয়ে বিভাগীয় সম্পাদক সিদ্ধাৰ্থ শংকৰ কলিতাক চতুৰ্থ বৰ্ষপূৰ্তিৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত |
| অন্যযুগৰ ব্যৱস্থাপক অচিন্ত্য কুমাৰ মহন্তই বিভাগীয় সম্পাদক আকাশ দীপ্কত ঠাকুৰক চতুৰ্থ বৰ্ষপূৰ্তিৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত |
| অন্যযুগৰ সহযোগী ব্যৱস্থাপক দেৱজিৎ ভৰালীয়ে ৱেবডিজাইনাৰ দেৱভূষণক চতুৰ্থ বৰ্ষপূৰ্তিৰ স্মাৰক প্ৰদানৰ মুহূৰ্তত |
