Written by sdblogs2011 6:30 am Poems

অন্তৰ্দৃষ্টি

 অনুভৱ তুলসী

লুকুৱাই ৰখা তিলটো চাওঁ

কথা দিছোঁ, খনাসোণা

এক ইঞ্চি মাটিও নিনিওঁ

তিলত চুমা খাওঁ

ওঁঠৰ তপত চিঞাহী

তিনি সী চাৰি সী বাওঁ

অনাখৰী মাটিত তিলটো গজিছে

সাৰ-পানী পাই তিলৰ গজালি

দোপত দোপে বাঢ়িছে

আঙুলিৰ পাবত লিখি পাইছোঁ

পাততকৈ কলিহে সৰহ

আৰু এটা কলিও কলি হৈ থকা নাই

পাহ মেলা হেঁপাহৰ স্ফটিক তৰা

ফুলে ফুলে জাতিষ্কাৰ

***

Visited 2 times, 1 visit(s) today
Website |  + posts
Close