Written by sdblogs2011 9:15 pm Poems

অন্তেষপুৰৰ মানুহজন


মিণ্টুল হাজৰিকা

( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত ) 

লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁ

যাক  মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল পানী ৷ খৰাঙে মাৰিছিল চম্পাফুলবোৰক 

লগ পোৱাটো আছিল কাকতালীয়

কাষেৰে দৌৰাদৌৰিকৈ পাৰ হৈ গৈছিল গাড়ী-মটৰ 

যেন উৰুলিহে, ঈশ্বৰে আয়তী কৰি পঠিয়াইছিল

আশীৰ্ৱাদ এজোলোকা ধোঁৱা হৈ আহিছিল

মহানগৰীৰ আলিবাটে 

অলপ আন্ধাৰ অলপ পোহৰ ছটিয়াই দি 

পৰিৱেশটোৰ গাত সানি দিছিল মায়া 

অট্টালিকাৰ দুৱাৰ খিৰিকী ভেণ্টিলেটৰেৰে 

ৰঙীন চাকিৰ পোহৰ ছিটিকি আহি 

আমাৰ গাত পৰিছিল ৷ শিহৰিত হৈছিলোঁ অশৰীৰী স্পৰ্শৰ আতিথ্যত 

সমুদ্ৰমুখী উত্তেজনাৰ সৈতে 

গাৰ পৰা খুলি থৈছিলোঁ সামাজিক বান্ধোন

আৰু দুখোজ আগুৱাই গৈছিলোঁ

মই ইয়াকে কওঁ

পৃথিৱীয়ে আয়োজন কৰিছিল সেই উৎসৱ

মহানগৰীৰ উপপথত পখিলা উৰিছিল 

ষ্ট্ৰীটলাইটৰ তলত ওঁঠ বাগৰি ওলাই আহিছিল

অন্তৰমহলৰ কথা 

আৰু নাকত অচিনাকী ফুলৰ সুগন্ধি  

কথাবোৰে আমাক অনিশ্চয়তাৰ পৰা মুক্তি দিছিল

যি মুক্তি ভালপোৱায়ো পাইছিল সিদিনা

পৰম্পৰাৰ বাহুবন্ধনৰ পৰা 

আমাক বেঢ়ি ধৰা বতাহজাকে সম্ভাষণ জনাইছিল

আৰু লগত লৈ আহিছিল আজানৰ সুৰ 

যি সুৰে পৱিত্ৰ কৰে আগন্তুক জীৱনৰ কঠিয়াতলী

কোনো উকীল নাই কোনো দলিল নাই 

আকাশৰ নীলাখিনিত স্বাক্ষৰিত হৈছিল এটা সম্পৰ্ক

যি সম্পৰ্কৰ চকুৰ পুখুৰীত পুহিলোঁ বাশ্বোৰ বেংটো

বেংটো ক্ৰমে ডাঙৰ হৈ গৈ আছে 

সূৰ্য উদয় আৰু অস্ত যোৱাৰ দৃশ্য উপভোগ কৰি 

এতিয়া কোনো স্বীকৃতিৰ ভোকে আমাক উত্তেজিত কৰি তোলা নাই ৷ মাহ-হালধিৰ ৰঙৰ পৰিৱৰ্তে 

আমি অহৰহ পৰ্বত নদী খাল বিলৰ হেৰোৱা ৰং 

বিচাৰি 

যুদ্ধখনৰ খচৰা প্ৰস্তুত কৰি থাকোঁ 

ভালপোৱাত এনেকুৱাই হয় ৷ মন গহনত এজাক বৰষুণ থাকে ৷ ভালপোৱাৰ বৰষুণ ৷ যি বৰষুণে হেৰুওৱা ৰং ঘূৰাই আনিব পাৰে 

তাৰ বাবে প্ৰেমিকৰ জোৰদাৰ দাবী আছে ।

 ফোন নং : ৮৬৩৮২৫৯০৭৩

Visited 4 times, 1 visit(s) today
Website |  + posts
Close