Written by sdblogs2011 7:34 pm Articles

অনুপ্রেৰণাৰ উৎস

চন্দ্রাৱলী বৰঠাকুৰ

FAILURE ISN’T FATAL

BUT, FAILURE TO CHANGE MIGHT BE – JOHN WOODEN

আত্মবল হৈছে পৃথিৱীৰ সবাতোকৈ শক্তিশালী শক্তি। এই বলৰ অধিকাৰী হ’লে শাৰীৰিক বাধা-বিঘিনি, অৰ্থনৈতিক বাধাগ্রস্ততাকে আদি কৰি সকলো ধৰণৰ প্ৰতিকূলতা নেওচি সফলতাৰ শীর্ষত আৰোহণ কৰিব পাৰি। শিক্ষা কেৱল মানসিক আৰু শাৰীৰিকভাৱে সবল লোকৰ বাবেই নহয়। পৃথিৱীৰ সকলো নাগৰিকৰ বাবে ই এক আমোঘ মন্ত্র। এনে শাৰীৰিক অৱস্থাৰ গৰাকী হ’ল কাৰ্তিক কন্সাল৷

কাৰ্তিক ২০২১ বৰ্ষৰ ইউ.পি.এছ.ছি. অসামৰিক পৰীক্ষাত ২৭১ স্থান লাভ কৰি দিব্যাংগ, শাৰীৰিক অসুস্থ লোকৰ বাবে এক অনুপ্রেৰণাৰ প্রতীক হৈ ৰৈছে। উত্তৰাখণ্ড হৰিদ্বাৰ (ৰোৰকী) ৰ স্থিত কাৰ্তিকে মাত্র ৮ বছৰ বয়সতে “Muscular Dystrophy” নামৰ জটিল ৰোগত আক্রান্ত হয়। যাৰ ফলত গাৰ অংগৰ চলাচলত ব্যাঘাত জন্মে। ফলত তেওঁৰ সাৰথি  হৈ ৰ’ল এখন চকা লগা চকী। পাৰ্কত বন্ধুৰ সৈতে খেলা-ধূলাৰ পৰিৱৰ্তে তেওঁ Therapy, যোগ আদি কৰি সুস্থ হ’বৰ বাবে যুজিঁছিল।

অতিশয় তীক্ষ্ম বুদ্ধিৰ কাৰ্তিকে এনে অৱস্থাতো পঢ়াৰ প্রতি অৱহেলা কৰা নাছিল। তেওঁ ২০১৮ চনত IIT ROORKEE-ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। পৰৱৰ্তী সময়ত GATE পাছ কৰি UPSC ENGINEERING SERVICE পৰীক্ষা পাছ কৰে৷ কিন্তু তেওঁৰ এই শাৰিৰীক অসুস্থতাৰ বাবেই তেওঁ এই চাকৰিৰ পৰা বঞ্চিত হ’ল। এই ঘটনাৰ পাছত তেওঁ মানসিকভাৱে ভাঙি পৰে, চাৰিওফালে যেন কেৱল অন্ধকাৰ…. অন্ধকাৰ… অন্ধকাৰ..। তেওঁ থিৰাং কৰিলে যে তেওঁ এই সমাজলৈ পৰিৱৰ্তন আনিব আৰু দিব্যাংগ লোকসকলক  তেওঁলোকৰ যি অধিকাৰ সেইয়া দিয়াব।

পৰৱৰ্তী সময়ত UPSC CSE-ৰ  প্ৰস্তুতি  চলালে। ২০১৯ বৰ্ষৰ পৰীক্ষাত ৮১৩ স্থান লাভ কৰে, কিন্তু এই স্থানত সন্তুষ্ট নহৈ পুনৰ ২০২০ বৰ্ষত দিয়ে, কিন্তু উত্তীর্ণ নহয়। অৱশেষত ৩নং প্ৰয়াসত উত্তীর্ণ হয়। বহু কষ্ট, সংকটৰ সময়ত তেওঁৰ সাহস হৈ ৰৈছিল তেওঁৰ পিতৃ, মাতৃ আৰু ভাতৃ।

বহু কষ্ট, সমস্যাৰ  সন্মুখীন হৈও তেওঁ নিজৰ আত্মবল, শ্ৰম, বুদ্ধি আৰু আত্মবিশ্বাসেৰে এই স্থান লাভ কৰি তেওঁ ইতিহাসতে নাম লিখি থৈ যোৱাৰ উপৰিও দিব্যাংগ, শাৰীৰিকভাৱে অসুস্থ লোকৰ বাবে এক অনুপ্রেৰণা, উৎসাহৰ প্রতীক হৈ ৰৈছে। বৰ্তমান তেওঁ ISRO HARIDWAR-ৰ বিজ্ঞানী হিচাপে কৰ্মৰত৷

একাদশ মান

ক্ৰিছেণ্ট একাডেমি, যোৰহাট

Visited 2 times, 1 visit(s) today
Website |  + posts
Close