Written by sdblogs2011 3:51 am Articles

অধীশ্বৰ

নীলোৎপল বৰুৱা

অধীশ্বৰ শব্দটো আপেক্ষিক।

যদিও ই মালিকক নিৰ্দেশ কৰে, তথাপিও অধীশ্বৰ শব্দটোৰ সৈতে এটা নিৰ্দিষ্ট  ভুখণ্ডৰ কথা নাহে।

নাহে কৰ-কাটল।

নতুবা টেকেলা, কটকী…

লুটুকলাও অধীশ্বৰ আছিল। বাদশ্বাহ নতুবা ৰজা নহয়, অধীশ্বৰ অধীশ্বৰ। লুটুকলা কাল আৰু কালাতীতৰ বায়ৱীয় চেতনাৰ ছয় ফুট দুই ইঞ্চিৰ এক মঙহাল বিস্তাৰ। এটা সৰু মূৰ, ঠৰঙা চুলি। খাদ্যৰ খাদ্যপ্ৰাণ নিৰ্যাসৰ নাওমান অংশ এটাহে তাৰ মগজু নামক অংশটোৱে পৰিগ্ৰহণ কৰিছিল। বাকী সমস্ত শক্তি মস্তিষ্কবিহীন বিৰাটাকায় শৰীৰ-সজ্জা এটাই নিজৰ মাজত ভগাই লৈছিল।

একেলগে বাঢ়ি আহোতেই ফুৰুৎকৈ লুটুকলা পৃথক হৈ গৈছে, বাকীবোৰৰ পৰা। এসময়ত লুটুকলা ৰৈ গ’ল।

বাকীবোৰ বাঢ়ি থাকিল।

বাতিসূত্ৰ মাতি অন্য‌ই যেতিয়া … ঐচন প্ৰকাৰে গৰ্ত্ত মুখে উপৱিষ্ট হুয়া বালীৰাজে গদাহস্তে সমৰ কৰিতে লাগল… বুলি প্ৰকাণ্ড চিঞৰ এটা মাৰি বাঁহৰ এমুৰে ৰবাব টেঙা এটা খুচি তৈয়াৰ কৰা গদাৰে বতাহ কোবাইছিল… লুটুকলায়ো সমানে আস্ফালন কৰিছিল। মাত্ৰ বচন ফাঁকিৰ পৰিৱৰ্তে – “বায়াও… বায়াও… আও… আও… আয়াও…”ৰ দৰে ধ্বনি-ব্যঞ্জনা এটা বতাহ ঠেলি বিয়পি পৰিছিল চুকাপথাৰ।

যেন দূৰৈৰ পৰা কালসন্ধ্যা ৰিণি ৰিণি ভাহি অহা বিয়েৰিং ভগা ধানকল এটাৰ মাত। তেলত চলা মটৰটোৰ পৰা ধানকলৰ ডাঙৰ চকৰীটোলৈ লাগি থকা ফিটাডাল ঢিলা হ’লে ওলোৱা মাত। কুৱঁলীৰে আৱৰা পথাৰখন পাৰহৈ আহোঁতে ভাগৰি পৰিছে। 

লুটুকলা নিৰ্বচন আছিল।

লুটুকলা নাবাঢ়িল। বাকীবোৰ বাঢ়ি বাঢ়ি খুৰা, বৰদেউতা, মোমাই হ’ল। লুটুকলা লুটুকলাই হৈ থাকিল। কোনেও আজিকোপতি লুটুকলাক দাদা, খুৰা, বৰদেউতা মতাৰ প্ৰয়োজনবোধ কৰা নাই। মদগজ মানুহটোক পিতকলি এটায়ো সন্মান সহকাৰে মতাৰ কথা ভৱা নাই।

অৱশ্যে জবা বাঢ়ৈ নামৰ সৰুফুটীয়া ছোৱালীজনীয়ে মাতিছিল।

: লুটুদা… লুটুদা..

: বায়াও… য়াও… বায়াও..

: ভালে আছানে লুটুদা…

: বায়াও… য়াও… আও..

: তোমাৰ কথা ম‌ই লগৰবোৰক ক‌ওঁ, জানানে।

জবা বাঢ়ৈ, কাণৰ কাষৰ পৰা ওঠৰ কোনলৈকে এছটা তুলসী থকা ডাঠ মিঠাবৰণীয়া ছোৱালীজনীৰ মাতটো শুনো কি নুশুনো। উইয়েনবাৰ্গ কলেজৰ ‘মেগনা কাম ল‌উডে’।

… ইন্দ্ৰিয়ক স্তব্ধ কৰি দিব পাৰিলেই মোক্ষ নিশ্চিত…। মৰি যোৱা ইন্দ্ৰিয়‌ই মায়া টানিব নোৱাৰে। ইউ শ্বুড চি লুটু ৱাঞ্চ্ …!

ডৰ্মিটৰীটোত ওচৰা-ওচৰিকৈ থকা বিছনাত বহি বহি লাওচৰ থেৰাৱাডা পন্থৰ বৌদ্ধ ছোৱালীজনীক জবা বাঢ়ৈয়ে কৈ যায়।

… হুইচ ইজ উইডাউট নেম এণ্ড ফৰ্ম… বেয়ণ্ড মেৰিট এণ্ড ডিমেৰিট

হুইচ ইজ বেয়’ণ্ড স্পেচ্, টাইম এণ্ড চেঞ্চ অৱজেক্টচ্..

… যত দেখু কায়া… সুত বিত্ত জায়া… মায়াকেসে সৱ ধন্ধ…

হামু যত জীৱ… শিৱ তেৰি অংশা… কাহে ওহি মোহ বন্ধ!

বহুজাতিক কোম্পানীসমূহৰ চৰিত্ৰ অধ্যয়ন কৰা চাকৰি এটা কৰি সাত সাগৰ তেৰ নদী সিপাৰে ঘৰ বন্ধা জবা বাঢ়ৈ এবাৰ আহোঁতে লুটুকলাক কোট এটা দিছিল..

কাটাৰ এয়াৰলাইনছৰ পাইলটৰ ছেকেণ্ডহেণ্ড কোট এটা। সৰোজিনী নগৰৰ ফুটপাথৰ পৰা কিনা। লেবেলত থকা পিতলৰ আখৰেৰে লিখা ‘কাটাৰ’ শব্দটোৰ ‘কিউ’ আখৰটো বোধকৰো ধোওঁতে এৰাই গৈছিল।

‘কিউ’ নোহোৱা কাটাৰৰ কোট এটা পিন্ধা লুটুকলাক ভৰি চুই সেৱা কৰিছিল ফুটফুটীয়া অকণমানি শিশু এটাই। স্কেণ্ডিনেভিয়ান আৰু খনিকৰ বংশৰ তেজৰ মিশ্ৰণ আছিল সেইটো..

: মামা কোৱাঁ দেহা… মামা কোৱা… লুটুমামা..

: লুউউত্তু মমা…

: বায়াও … আও … আয়াও..আয়াও… আযাও… ঈঈ.. আয়াও… আয়াও… বাও… আও আও… ঈঈঈ…

বহু দিনলৈকে ‘কিউ’ নোহোৱা কাটাৰৰ কোট এটা আৰু ল’ ফাইত ‘বায়াও..আও..আও..য়াও..এটা চুকাপথাৰত পকনীয়া হৈছিল।

লুটুকলা স্থিতপ্ৰজ্ঞ। যেন সন্ত আৰু জহামালৰ সংকৰ।

কঁঠালজোপাৰ তলত ৰাতিৰ এন্ধাৰত দুটা ছাঁয়ামূৰ্তি।

আদৰুৱা মাত, টনা আজোঁৰা… কাপোৰৰ খচমচনি..

আস্… দুখ পাইছোঁ…

খাজঁ কটা মঙহত আলতীয়া আদৰ।

হঠাৎ বাটেদি এটা মানুহৰ পদশব্দ।

ধৰা পৰাৰ ভয়ত অবিৱাহিত পুৰুষতকৈ বিৱাহিত মহিলাগৰাকীৰ ডিঙি বেছিকৈ শুকাইছে।

নিতাল।

মানুহটো সন্মুখতে ওলালহি!

অ’… লুটুকলা হে…

(লুটুকলাক বহুতে কলা লুটু বুলিও মাতে। কিন্তু লুটুকলাত যিটো ব্যঞ্জনা আছে সেইটো কলা লুটুত নাই। লুটু কলা। জন্মাৱধি।)

আকৌ কাপোৰৰ খচমচনি… আদৰুৱা মাত..টনা আঁজোৰা।

লুটুকলা বিপদহীন আছিল!!

আগদিনা জন্মদিনটোত নিমন্ত্ৰণ দিয়া মানুহৰ প্ৰায়খিনি নাহিল। এচৰিয়া অমিতা, নৰসিংহৰ পাত দি ৰন্ধা ৰহৰ দাইল থাকি গৈছে। অলপ ফেনাইছে। টেঙা টেঙা গোন্ধ এটা আহিছে।

পেলাই দিবলৈ ধৰোঁতে গাটো হমহমাই গৈছে।

লুটুকলা আহিছে অ’…

পিছফালৰ বাৰাণ্ডাখনত মস্ত কলপাত এখিলা লৈ লুটুকলা বহি গৈছে।

ঠাণ্ডা ভাত, কৰকৰীয়া মৰা লুচী, এখামোচ জলকীয়া, লালমোহনৰ ৰস… পিয়াঁজ দুটা…

লুটুকলা এটা স্বস্ত্বি আছিল।

বৰ্জ্য।

চিতাত জুই লগাৰ পাছতে সোঁটসোঁটাই থকা মানুহখিনি এটা দুটাকৈ নোহোৱা হৈছে। ঘুৰি গৈ গা ধোৱাৰ এলাহত দূৰৈতে ৰোৱাবোৰ তাৰো আগতেই। স্কুটাৰৰ টায়াৰ এটাত অলপ ঘিঁউ ঢালি চিতাৰ তলত সুমুৱাই দিয়া ভতিজা জোঁৱায়ে কেৰাচিন তেলৰ গেলনটো বিচাৰি আছে…

প্ৰচণ্ড জোৰত জুইকুৰা জ্বলা মানেই সোনকালে মুক্তি!!

… বুঢ়া কমতি পাপী আছিল… ক’ত সোনকালে জ্বলিব।

চা চা কেনেকৈ পানী মাৰিছে…

ই মানুহ মাৰিছিল… মানুহ মাৰিছিল…

তিনিমাহত ঘপকৈ ভাঙি গৈছিল দলংখন। সিপাৰ নাপালেগৈ কলৰ ঠোক বোজাই কৰি চাইকেল ঠেলি নিয়া মানুহ দুটা। ৰডত শালি মৰি থাকিল।

পকেটৰ পৰা পাণৰ টোপোলা এটা উলিয়াই মুখত এখন সুমুৱাই গুড় বেপাৰী জিতুৱে কোৰখনৰে আধাজ্বলা ইঞ্জিনীয়াৰৰ দেহাটো চবিয়াই দিছে..

ফিৰফিৰকৈ পানী মাৰিছে..

আন্ধাৰ লগালৈ মানুহবোৰ নোহোৱা হৈছে। ভতিজা জোঁৱায়েকে দঢ়াই দঢ়াই কৈ গৈছে… প্লিজ… অস্থিটো মিছ্ নকৰিব। থাকিব হাঁ। ম‌ই যোগাৰ পঠিয়াই দিম। নাড়ীবোৰ গোলাকাৰ হোৱালৈ কাঠৰ পিপাত গোৰাই থোৱা যৱধানৰ কেবাবাৰো চেকা পানীয় সুদৃশ্য বটল মৰিশালিত হাজিৰ। অনুপান কোনেও খাব খোজা নাই। বিকচিনা লাগে, মৰাশৰ পোৰাৰ গোন্ধত ভুজিয়া চোবাবলৈ।

দূৰৈলৈ গুচি গৈছে জুমটো।

দীঘল জোং থকা বাহ এডালেৰে মাংসপিণ্ডটো খুচি খুচি সেইটো লুটুকলা।

লুটুকলা এটা নিৰ্ভৰযোগ্যতা আছিল।

সিটো মুৰৰ পিটনিখন!

পাৰৰ জোপোহাবিলাকৰ কাষতে মহিম পেগু আৰু তাৰ লগৰকেইটা বহে।

আড্ডা।

(মহিম পেগু মহিম পেগু। অলপতে পাখি কটা গৈছে তাৰ। মিচিং ছাত্ৰ সংগঠন এটাৰ মোটামুটি ভাল পদত আছিল। একেলগে তিনিজোৰ আৰমানিৰ চ্যুট লৈছিল। দুজোৰ জোং থকা জোতা। এজোৰ বগা চামৰাৰ, কেতিয়াবা পায়জামা-পাঞ্জাৱীৰ সৈতে পিন্ধিবলৈ। কাৰোবাৰ চকু পৰিছে। তাতকৈ বহু পাছৰ, অনভিজ্ঞ ল’ৰাপোৱালি এটাক তাৰ ঠাইত বহুৱাই দিছে, চেণ্ট্ৰেল বডীয়ে। ওলোটাই পৰি থকা গুবৰুৱা এটাৰ দৰে গোঁগোৱাই আছে মহিম পেগু। হাত ভৰি আকাশলৈ।)

জোনাই, পাছিঘাট, অৰুণাচলৰ কিছু অংশ সামৰি এখন ‘টাণিলেণ্ড’ হ’ব..

সপোনৰ মিচিং ৰাজ্য… অথৱা সুবিধা পালে দেশ…

সাৰ্বভৌম!!

তাত কোনেও কাকো সুধিব নালাগিব- ‘ন মিচিঙেই?’..

কাৰো দাদাগিৰি নচলিব। চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য সকলো মিচিঙসকলৰ!

অনা-মিচিঙৰ সাংস্কৃতিক আগ্ৰাসন নচলিব। বিশেষকৈ ডিঙিত ডাঙৰ কেমেৰা ওলোমাই সংস্কৃতি চলাথ কৰি ঘুৰি ফুৰা উচ্চবৰ্ণৰ সুৱেশ মানুহবোৰ। দেখিব নোৱাৰে মহিম পেগুৱে। চাংঘৰত লেপেটা কাঢ়ি বহি লৈ পঃৰ আপং গিলি বহল হৈ গৈ থাকে… গৈয়েই থাকে। বিশালতাই মিৰৃ, নিছি সামৰি মাছাই, মাউৰী, উইঘুৰ… অষ্ট্ৰ’গথছ্ পায়গৈ। লাহে লাহে জনজাতি প্ৰীতি ওফন্দি শেষৰাতি এখন লিক্‌লিকিয়া হাত হয়। হাতবোৰ লাহে লাহে সাপ হয়। জনজাতীয় জোঙা বুকু বিচাৰি চাংঘৰৰ পিছফালে গুচি যায়।

‘মিল মান্না’, ‘ইক্কি জাদে’ বোৰো কম হ’বলা। একো একোটা ফেঁটিসাপৰ গাঁত।

মহিম পেগুৰ নাকৰ পাহি ফুলি উঠিছে।

পানী যুঁৱলীত খলখলনি।

পানীয়ে পানীয়ে কোনোবা টোঁৱাই আহিছে।

চাৎকৈ নীৰৱতা এটা।

অ’… লুটুকলা।

বজাৰত গাহৰি কটা ৰধৰ ঙাতেই আধাপোৰা বিড়িটো আগবঢ়াই দিছে।

ফেলেককৈ হাঁহি এটা মাৰি লুটুকলা বহি পৰিছে।

… মিচিঙৰ নিজাকৈ এটা উগ্ৰ জাতীয়তাবাদ… (লাগিলে ডিচপ’জেৱল হ‌ওক!) জৰুৰী!!

… ছাত্ৰ সংগঠনবোৰ  দালাল হৈ গৈছে!! কেইটামান সিকিতে বিকি গৈছে।

লুটুকলা বিশ্বাসী আছিল।

সি চৰ নহয়।

(অলপতে পিটনিখন জিগৰমল লালচান্দে কিনি পেলাইছে। ট্ৰাকে ট্ৰাকে মাটি ভৰাই পুতিলে। তাত লালচান্দৰ বৃহদাকাৰ ছেনিটেৰি নেপকিনৰ গুদাম! মহিম পেগু আৰু তাৰ লগৰখিনিয়ে আজিকালি বেলেগ ক’ৰবাত আড্ডা মাৰে!!)

কানাই কুৰ্মীৰ পাখি কাটিব লাগে।

ওচৰে পাজৰে থকা আদিবাসী মানুহখিনিৰ লীডাৰ কানাই কুৰ্মীক লৈ অলপ বিপদত পৰিছে শেহতীয়াক ধৰ্মীয় দল এটাৰ জিলা প্ৰভাৰী হোৱা ৰঘুৰাম গুপ্তা।

ই কানাই কুৰ্মী ইয়াত থাকিলে কি হ’ল। ইয়াৰ লিংক ঝাৰখণ্ডলৈকে আছে।

অখণ্ড বিহাৰ ফালি ঝাৰখণ্ড দিয়াৰ পাছতো সিহঁতৰ শান্তি হোৱা নাই।

এতিয়া চৰগুজা, জচপুৰ, চংগভাখৰ আদি ঠাইবোৰো ঝাৰখণ্ডৰ অন্তৰ্ভুক্ত কৰিবলৈ আন্দোলন চলাই আছে।

আনকি সিহঁতক বাংকুৰা, মেদিনীপুৰ, পুৰুলিয়া আদি জিলাও লাগে।

আৰে… গয়াকো লাগে গয়া!!

গোটেই পৃথিৱীৰ হিন্দুসকলৰ আৰাধনা স্থলক আদিবাসী ৰাজ্যৰ ভিতৰত লাগে।

বেটা জড়বাদীহঁতৰ সাহ চোৱাঁ।

ৰঘুৰাম গুপ্তাই আদিবাসী ৰাইজলৈ আগবঢ়োৱা মদৰ কাৰ্টনবোৰ পিঠিত উঠাই লৈ যায় লুটুকলাই।

লুটুকলা নিৰপেক্ষ আছিল।

গোষ্ঠী নিৰপেক্ষ।

অজামিল মৰোঁ মৰোঁ হোৱালৈ ভাগৱত পাঠ শুনি থকা মানুহবোৰ নোহোৱা হ’ল।

নাৰায়ণক মাতোঁতে পাঠক জয়হৰি শ‌ইকীয়াই যিটো সুৰ দিলে চিলমিলকৈ টোপনিয়াই থকা ৰুলা বৰবৌ উঠি কোঁ-কোঁৱাই ঘৰলৈ বুলি বাট ল’লে।

মানুহে দান-বৰঙণি আগবঢ়োৱা ডাঠ কাগজৰ বাকচটোত হাত ভৰাই মুঠিয়ে মুঠিয়ে টকা উলিয়াই খুৱ সন্তৰ্পণে হিচাপ কৰি থকা গজেন বৰা চক খাই গ’ল।

এঘাৰটা মানো হোৱা নাই হ’বলা, অখণ্ড ভাগৱত পাঠৰ তিনিদিনীয়াকৈ পতা অনুষ্ঠানটোত এটাও মানুহ নাই।

চুকত ট টকৈ চকুমেলি লুটুকলা।

লুটুকলা শ্ৰোতা আছিল।

মামণিৰ মৰা পোৱালিটো। কোনেও নেজানিলে জন্মতেই মৰা নে কোনোবাই টেঁটু চেপি মাৰি দিলে।

দুঘণ্টামানো হোৱা নাছিল জন্মা।

লাহে লাহে নীলা হৈ অহা লুপথুপীয়া মাংসপিণ্ডৰ দৰে বস্তু এটা।

প্লাষ্টিকৰ মোনা এটাত ভালকৈ বান্ধি-কুন্ধি লৈ যোৱা বস্তুটো কি আছিল কোনেও গম নাপালে।

পুৱতি নিশ দ কৈ গাত খান্দি ৰৈ থকা লুটুকলায়ো গম নেপালে।

টোপোলাটো দেখিছিল।

লুটুকলা দৰ্শক আছিল।

নীৰৱ।

(মামণিৰ মেল্টেৰী গিৰিয়েক ভাৰত ম্যানমাৰৰ সীমাত থকা চাগাইং নামৰ ঠাই এটুকুৰাত গুলী লাগি মৰিছিল।

দুবছৰমান আগতেই।

জ’মি উগ্ৰপন্থীয়ে মাৰিছিল। বৃহত্তৰ নাগালেণ্ডত ম্যানমাৰৰ চাগাইঙকো অন্তৰ্ভুক্ত কৰিছিল নাগাসকলে।

শাহুৱেক আৰু মামণিৰ ছোৱালী এজনী।

মোটামুটি ভাল পেঞ্চন পাইছিল মামণিয়ে।

… বৌ কিন্তু তামাম শকত হৈছে দেই বুলি কোনোবাই কোনোবাই দুদিনমান আগতে কৈছিল।

মামণিয়ে শেতা হাঁহি এটা মাৰি গেছৰ বিৰাট প্ৰব্লেম বুলি কয়‌।)

এইপাৰে গাঁৱৰ মূৰৰ মথাউৰিটো সিপাৰে পিটনিখন!

বিশাল অঞ্চলটোৰ লুটুকলা একান্ত অধীশ্বৰ।

উৰি যোৱা চিলনীৰ ছাঁ মাটিত পৰাৰ পৰা এতিয়ালৈকে ইয়াত তাৰ অবাধ বিচৰণ!!

অঞ্চলটোৰ মাজতে লুটুকলাৰ প্ৰাসাদ।

হয় হয়… প্ৰাসাদ প্ৰাসাদ। মাজৰ খেলৰ নামঘৰটো নতুনকৈ বনাওঁতে ৰৈ যোৱা পকা খুটা আৰু টিনপাতৰে বনোৱা ঘৰ এটা।

জীউ, মুনুকণহঁতৰ দলটোৱে ফুটবল খেলিবলৈ আহি একে সন্ধ্যাই চালে-বেৰে টিনপাত থকা ঘৰটো সাজি দিছিল। লুটুকলাই কাকো ক’ব লগা হোৱা নাছিল। বিনীত পাইকৰ দৰেই সকলো আহি নীৰৱে গা খাটিছিল। যেন কাঁড়ী-কাকতত গাঁৱৰ সকলো মুনিহৰ নাম আহিছে। ম’হ খেদাদি খেদি আনি আছে টেকেলা, চাউদাঙে-ৰাজ হাউলিলৈ।

শিঙৰী ঘৰত উঠাৰ দৰেই লুটুকলা তাত সোমাইছিল।

মাজে মাজে ৰমেনৰ দোকানত আবকাৰীয়ে ৰেইড কৰিলে অৰুণাচলী মদৰ বাকচবিলাক তাৰ তাতে থৈ যায়। বহুদিন থাকে। এটা বটলৰো হৰণ-ভগন নহয়।

লুটুকলা এজন ভাল ৰখীয়া আছিল।

কৃতবিদ্য ৰক্ষক।

অধীশ্বৰ অধীশ্বৰ!!

অধীশ্বৰ ইজ ফাইন!

এজন মানুহ নিৰপেক্ষ, বিশ্বাসযোগ্য, নিৰ্ভৰযোগ্য, স্বস্তিদায়ক আৰু প্ৰভাৱী হোৱাটোৱেই অলম’ষ্ট অধীশ্বৰ।

ৰজা ইজ ছামথিং ডিফাৰেন্ট!!

ফকীৰ এজন ৰজা হ’ব নোৱাৰে।

ৰজা হ’বলৈ তেওঁক মন্ত্ৰী লাগিব, সৈন্যদল লাগিব… ইত্যাদি ইত্যাদি…

ড্ৰেক’ লাগিব… ড্ৰেক’

লুটুকলাৰ কাষত ড্ৰেক’ নাই।

সেই যে মন্ত্ৰীজন।

কাঠৰ টুকুৰাত মানুহৰ তেজৰে প্ৰথম বাৰৰ বাবে লিখিত ৰূপত আইন প্ৰণয়ন কৰা গ্ৰীকৰ অভিজাতজন…

ড্ৰেক’নিয়ান ক’ড… আপেল বা কবি চুৰি কৰিলেও মৃত্যুদণ্ড আৰু হত্যাকাৰীকো মৃত্যুদণ্ড…

সকলো দোষৰে এটাই শাস্তি- মৃত্যু!!

ড্ৰেক’ লগত থকাহ’লেও লুটুকলাৰ সৈতে অধীশ্বৰ শব্দটো নেখাটিলহেঁতেন।

নতুবা তামৰ বৰ্ম পৰিহিত, হাতত দীঘল বৰ্শা লোৱা হ’পলাইট সৈন্যদল। তীক্ষ্ণ বৰ্শামুখেৰে হৃৎপিণ্ড বিদাৰি যোৱা নৃশংস বিৱেকহীন সৈন্যৰ দল।

এইবোৰ সকলো থকা হ’লেও লুটুকলাক কোনেও ৰজা বুলি নক’লেহেঁতেন।

তাৰ কোনো কাৰণ নাই, জাষ্ট্ ফকীৰ কাণ্ট্ বি এ কিং।

চিম্পল।

অধীশ্বৰ ইজ ফাইন!!

হঠাৎ লুটুকলাৰ সাম্ৰাজ্যখনত গজি উঠিছে এখন চহৰ ।

খুউব কম দিনতে।

সন্তৰ্পণে বেও মেলিছে। পেটত কেইবাটাও পোৱালি লৈ ফুৰা গা-ভাৰী ছাগলীজনীৰ দৰে।

নিজৰ সাম্ৰাজ্যখন ক্ৰমশঃ অচিনাকি হৈ আহিছে লুটুকলাৰ।

সি চিনি নাপায় মানুহবোৰক।

মানুহবোৰেও নিচিনে তাক। অপাংক্তেয় লুটুকলা। লাহে লাহে লুটি খাবলৈ ধৰা গুবৰুৱা এটা। প্ৰভা কমি অহা নক্ষত্ৰ এটা।

এটা সময় আছিল, অঞ্চলটোৰ প্ৰায়বোৰ মানুহেই তাৰ পাইকৰ দৰে আছিল। বিনীত পাইক।

জেলেপত লেটেকু, পনিয়ল, ঔটেঙা, জিলমিল শাক, দালচেনিৰ বাকলি আদি যিকোনো বতৰীয়া বস্তু লৈ এঘৰৰ বাৰাণ্ডাত থিয় হ’লেই তাৰ উপস্থিতি সাব্যস্ত হৈছিল।

ভিতৰলৈ বাৰ্তা গৈছিল… পগলাটো আহিছে ঔ…

(লখিমপুৰীয়ানী বৰবৌৰ বাদে অন্যবোৰে এই বাৰ্তাটোত খুৱ কমেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ঠাণ্ডা, গোন্ধোৱা, ফেনোৱা যি আছে উলিয়াই দিয়ে!

লখিমপুৰীয়ানী বৰবৌ আকৌ জকজকাই উঠে…

এই মৰণ নোহোৱাটো… কাল দুপৰীয়া আহি ওলাবহি… কুগ্ৰহটো।

ঈচৰে এইচবক মাৰি নিনিয়ে কিয়!! জগা-গাহৰিটো। তেজশোহাটো।

জকজকাই জকজকাই বৰবৌ ভঁৰালৰ গাঢৈখনৰ ফালৈ গৈছিল। তাত থকা গিলাছটো আওখাল মাৰি জুহালত ওলোমাই থোৱা কেটলিটোৰ পৰা চাহ এগিলাছ বাকী লুটুকলাৰ সন্মুখত থেকেচকৈ পেলাই থৈ গৈছিল।

লুটুকলাই ফেলেককৈ হাঁহে।

বৰবৌয়ে ফোৰোহাণি এটা মাৰে।

তাৰ পাছতহে ভাত-পানী যোগাৰ কৰে।

লুটুকলাই সাধাৰণতে চাহ খাবলৈ নাপায়।

মানুহে কয় লখিমপুৰীয়ানী বৰবৌক আনিবলৈ যোৱা দৰাঘৰীয়া দীঘল বাছখনৰ কেবিনত লুটুকলাও গৈছিল।

লংপেনৰ চেইনডাল মোটা সূতাৰে একেবাৰে জ‌ইন মাৰি চিলাই লৈ…

ৰঙা-ক’লা মাফলাৰ এখনো।

সাধাৰণতে লুটুকলাক জকজকাই থকা বৰবৌৱে এবাৰ লুটুকলাৰ ওচৰত কান্দিছিল। ডাঙৰজনী ছোৱালী পেটত থাকোঁতে আয়েক ঢুকাইছিল। যাব নোৱাৰিলে। লুটুকলাক সন্মুখত বহুৱাই লৈ বহু বেলি হুঁকৰিছিল। বৰবৌৰ কান্দোনতকৈ লুটুকলাৰ বায়াও আয়াও আও..আও..বায়াও..উচ্চ গ্ৰামত ভাহিছিল। বৰবৌৰ অশৰীৰি কান্দোনটো এটা গা হৈছিল। ঠৰঙা চুলি তাৰ মন্দবুদ্ধি মূৰ।

লুটুকলাই এসাজেই খাইছিল।

কোনোদিনে লঘোণে থাকিবলগীয়া নহৈছিল।

বেছ কিছুদিন ধৰি লুটুকলা কোনোপধ্যেই শ্ৰোতা, দৰ্শক, স্বস্তি দাতা, অথৱা নিৰপেক্ষ পৰ্যবেক্ষক হ’ব পৰা নাই।

হয়তো এই কাৰ্য-কাৰণবোৰ সংঘটিত হ’ব পৰা কৈ একো ঘটনাই ঘটা নাই।

নতুবা ঘটনাবোৰৰ অধীশ্বৰ হিচাপে লুটুকলাৰ উপস্থিতি অনিবাৰ্য হৈ উঠা নাই।

অথবা যিবোৰ ঘটি আছে সেইবোৰ অধীশ্বৰৰ আয়ত্তত নাই।

যিটোৱেই নহ‌ওক কিয় অধীশ্বৰ লুটুকলা বিপৰ্যস্ত।

তাৰ সাম্ৰাজ্যখনৰ প্ৰায়বোৰ মানুহেই ওখ ওখ প্ৰকাণ্ড ৱাল দিছে নিজৰ নিজৰ সীমাত।

সুৰক্ষিত কৰিছে জমি।

মানুহে নিবিচাৰিলে অধীশ্বৰৰ কাম কি!!

কিছুদিনৰ পৰা লুটুকলাৰ পানীলৈ ভয় লগা হৈছে।

পানী খাৱ নোৱাৰে।

দেখিলে গাটো জিকাৰ মাৰি উঠে।

মুখত ফেন ওলাই থাকে।

মাজতে নতুনকৈ বহা বিহাৰী এঘৰলৈ সোমাইছিল লুটুকলা।

কিবা পায় নেকি।

বহুদিনীয়া ভোক এটাই বাউল কৰিছিল অধীশ্বৰক।

বাঘটোৰ নিচিনা কুকুৰ এটাই খেদি আহি কলাফুলতে দাঁত বহুৱালে। এবখলা এৰুৱাই নিলে। ভাগ্যে মালিক ওলাই আহিল বুলিহে।

বিস্কুট এপেকেট দিলে। বেজী ল’বলৈ প‌ইচা লৈ যাবিহি বুলি কৈছিল।

গৈছিল।

কোনো ওলাই নাহিল।

লুটুকলা কোনোকালে কথক নাছিল।

                       ….. 

ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯

পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা

PRINT

Visited 2 times, 1 visit(s) today
Website |  + posts
Close