Written by sdblogs2011 11:45 am Poems

অতিসাম্প্ৰতিক

অংকুৰিতা ফুকন

ফৰকাল হওক বুলিয়েই

ফুটা কপালখন উবুৰিয়াই থওঁ

বৰষুণৰ বিছনাত

মায়াৰ মোহনাত বহি কাণ পাতি শুনো

টোপ গিলা মাছৰ সেমেকা বিলাপ

চকুৰ চন্দুকত ভৰাই আৰুনো কিমান লুকুৱাম

ভাবনাৰ অপইতা ফল

সময় থাকে মানেহে থাকিব

চকুত পোহৰ

সম্প্ৰতি উজানৰ মাছবোৰ বৰষুণ বিদ্বেষী

আৰু মোৰ দৰে কেলেহুৱা মাছুৱৈবোৰ

বেলি-মুৱা আন্ধাৰৰ উপাসক…

ঠিকনা:

দেৰগাঁও

ভ্ৰাম্যভাষ: ৮০১১৭৪৮১৪৩

Visited 1 times, 1 visit(s) today
Website |  + posts
Close