Written by sdblogs2011 12:44 pm Articles

অণ্ড

 মূল : এণ্ডি ৱেইৰ (১৯৭২)-ৰ The Egg 

ভাবানুবাদ: যশোৱন্ত নিপুণ

তুমি ঘৰলৈ গৈ আছিলা যেতিয়া তেতিয়াই তোমাৰ মৃত্যু হৈছিল৷

সেইটো এটা গাড়ীৰ দুৰ্ঘটনা আছিল৷ বৰ বিশেষ ধৰণৰ নাছিল, কিন্তু জীৱননাশী আছিল৷ তুমি তোমাৰ পত্নী আৰু দুটি শিশু এৰি থৈ আহিছিলা৷ যন্ত্ৰণাবিহীন মৃত্যু আছিল৷ জৰুৰীকালীন চিকিৎসাকৰ্মীসকলে তোমাক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল৷ তোমাৰ শৰীৰ ইমানেই ক্ষত-বিক্ষত হৈছিল যে তোমাৰ মৃত্যু হোৱাটোৱেই মংগলজনক আছিল, বিশ্বাস কৰাঁ৷ 

আৰু তেতিয়াই তুমি মোক লগ পাইছিলা৷ 

“কি … কি হৈছে?”  তুমি সুধিছিলা,  “মই ক’ত?”

“তোমাৰ মৃত্যু হৈছে৷”  মই সঁচা কথাটোকেই কৈছিলোঁ৷ ঘূৰাই-পকাই কোৱাৰ কোনো অৰ্থ নাছিল৷

“এখন … ট্ৰাক আৰু সেইখনে নিয়ন্ত্ৰণ হেৰুৱাই পিছলি আহিছিল …৷”

“হয়৷” মই কৈছিলোঁ৷

“মই … মই মৰিছিলোঁ?”

“এৰা৷ কিন্তু তাৰ কাৰণে দুখ নকৰিবা৷ প্ৰত্যেকৰেই মৃত্যু হয়৷” মই কৈছিলোঁ৷  

তুমি চাৰিওফালে চাইছিলা৷ তাত একোৱেই নাছিল, কেৱল মহাশূন্য৷ মাত্ৰ তুমি আৰু মই৷ “এয়া কি ঠাই?” তুমি সুধিছিলা, “এয়াই পৰলোক নেকি?”

“তেনেকুৱাই৷” মই কৈছিলোঁ৷

“তুমি দেৱতা নেকি?” তুমি সুধিছিলা৷

“অঁ৷” মই উত্তৰ দিছিলোঁ, “মই ঈশ্ৱৰ৷”

“মোৰ সন্তান … মোৰ পত্নী৷”  তুমি কৈছিলা৷

“সিহঁতৰ কি কথা?”

“সিহঁত ভালে থাকিব নে?”

“সেইটোৱে মই বিচাৰোঁ৷” মই কৈছিলোঁ৷ “তোমাৰ এইমাত্ৰ মৃত্যু হৈছে আৰু তোমাৰ প্ৰধান চিন্তা হৈছে তোমাৰ পৰিয়ালৰ বাবে৷ এইটো ভাল কথা৷” 

তুমি মোলৈ আশ্বৰ্যান্বিত হৈ চাই ৰৈছিলা৷ তোমাৰ কাৰণে মই ঈশ্বৰ যেন নাছিলোঁ৷ মোক কোনোবা পুৰুষ এজন যেন লাগিছিল৷ নাইবা সম্ভৱত কোনোবা নাৰীৰ দৰে৷ কোনোবা কৰ্তৃত্বশীল বিমূৰ্ত ব্যক্তিৰ দৰে বোধহয়৷ সৰ্বশক্তিমানজনতকৈ কোনোবা ডাঙৰ বিদ্যালয় এখনৰ শিক্ষক যেনহে লাগিছিল মোক৷ 

“চিন্তা নকৰিবা৷” মই কৈছিলোঁ৷ “সিহঁতৰ একো নহয়৷ তোমাৰ সন্তান দুটিয়ে তোমাক সকলো ফালৰ পৰাই আদৰ্শ মানুহ এজন বুলি সদায়ে মনত পেলাব৷ সিহঁতে তোমাৰ প্ৰতি বিৰক্ত হ’বলৈ বা বেয়া ভাব পোষণ কৰিবলৈ সময়েই নাপালে৷ তোমাৰ পত্নীয়ে বাহিৰত দেখুৱাই কান্দিব, কিন্তু মনে মনে ভালহে পাব৷ সঁচা কথা ক’বলৈ হ’লে, তোমালোকৰ বৈবাহিক জীৱন সোলোক-ঢোলোক হৈ আহিছিল৷ হয়তো এইটো এটা সান্ত্বনা হ’ব পাৰে যে তেওঁ তোমাৰ মৃত্যুত ৰক্ষা পৰা বুলি ভবা কাৰণে নিজকে দোষী অনুভৱ কৰিবও পাৰে৷” 

“উঃ”  তুমি কৈছিলা, “এতিয়া পিছে কি হ’ব? মই স্বৰ্গ, নৰক বা বেলেগ ক’ৰবালৈ যাব লাগিব নেকি?” 

“ক’লৈকো যাব নালাগে৷” মই কৈছিলোঁ, “তোমাৰ পুনৰ জনম হ’ব৷”

“আঃ,” তুমি কৈছিলা, “গতিকে হিন্দুসকল শুদ্ধ আছিল৷” 

“সকলো ধৰ্মই শুদ্ধ নিজৰ নিজৰ মতবাদত৷”  মই কৈছিলোঁ, “মোৰ লগত আহাঁ৷”

তুমি মোৰ পিছে পিছে আহিছিলা যেতিয়া আমি শূন্যতাত খোজ পেলাইছিলোঁ৷ “আমি ক’লৈ গৈ আছোঁ?”

“বিশেষ ক’লৈকো নহয়৷” মই কৈছিলোঁ, “যেতিয়া আমি কথা পাতোঁ তেতিয়া খোজ কাঢ়ি ভাল লাগে৷”

“কিন্তু এইবিলাকৰ অৰ্থ কি?” তুমি সুধিছিলা, “যেতিয়া মোৰ পুনৰ জন্ম হ’ব, মই মাত্ৰ এখন উকা কাগজ হৈ পৰিম, নহয় নে? এটা কেঁচুৱা৷ গতিকে মোৰ এই জীৱনৰ সকলো অভিজ্ঞতা আৰু মই কৰা কামবোৰৰ কোনো গুৰুত্বই নাথাকিব৷”  

“তেনেকুৱা নহয়৷” মই কৈছিলোঁ, “তোমাৰ মাজতেই তোমাৰ সকলো জীৱনৰ অভিজ্ঞতা আৰু জ্ঞান নিহিত হৈ আছে৷ তুমি মাত্ৰ সেইবোৰ এই মুহূৰ্তত মনত পেলাবলৈ সক্ষম হোৱা নাই৷”

মই ৰৈছিলোঁ  আৰু তোমাক কান্ধত ধৰি ওচৰ চপাই আনিছিলোঁ৷ “তুমি কল্পনা কৰিব পৰাতকৈও তোমাৰ আত্মা বেছি অপৰূপ, সুন্দৰ আৰু সুবিশাল৷ মানুহৰ মনে তোমাৰ সত্তাৰ মাত্ৰ ক্ষুদ্ৰ অংশ এটিৰেহে পৰিচিত হ’ব পাৰে৷ এইটো এগিলাছ পানীত, সেয়া গৰম নে চেঁচা চাবলৈ আঙুলি এটা জুবুৰিয়াই দিয়াৰ নিচিনা কথা৷ তুমি তোমাৰ ক্ষুদ্ৰ অংশ এটি পাত্ৰটিত ৰাখাঁ৷ আৰু যেতিয়া তাক উলিয়াই আনা, সেই অংগটোৰ সকলোবোৰ অভিজ্ঞতা  তুমি লাভ কৰাঁ৷” 

“যোৱা ৪৮ বছৰ ধৰি তুমি এজন মানৱ আছিলা৷ গতিকে তুমি সিমান কৰ্ষণ এতিয়ালৈকে কৰাই নাই, আৰু তোমাৰ আৰু বহু সুগভীৰ চেতনাক অনুভৱ কৰিব পৰাই নাছিলা৷ যদি আমি ইয়াত বহু সময় ধৰি থাকোঁ সকলোখিনি তোমাৰ লাহে লাহে মনত পৰিবলৈ ধৰিব৷ কিন্তু প্ৰত্যেক জীৱনৰ মাজতেই সেইটো কৰাৰ কোনো অৰ্থ নাই৷”   

“মোৰ কেইবাৰ জনম লোৱা হৈছে তেনেহ’লে?”

“আঃ, বহুবাৰ৷ বহু, বহু, বহুবাৰ৷ আৰু বহু বহু ভিন্ন জীৱন৷” মই কৈছিলোঁ, “এইবাৰ তুমি এজন চীনা খেতিয়কৰ ছোৱালী হ’বা, ৫৪০ খ্ৰীষ্টাব্দত৷”

“ৰ’বা, কি?” তোমাৰ খোকোজা লাগিছিল, “তুমি মোক সময়ৰ বিপৰীত দিশত পঠাই দিবা?” 

“এৰা, সেইটোও হয় এটা হিচাপত৷ সময়ৰ, তুমি জানা, তোমাৰ ব্ৰহ্মাণ্ডতহে তাৰ অস্তিত্ব৷ য’ৰ পৰা মই আহিছোঁ তাত এই আটাইবোৰ বহু বেলেগ ৷” 

“ক’ৰপৰা আহিছা তুমি?” তুমি সুধিছিলা৷

“আঃ, নিশ্চয় ক’ম৷” মই বুজাই কৈছিলোঁ, “মই ক’ৰবাৰ পৰা আহিছোঁ৷ অন্য কোনো ঠাইৰ পৰা৷ আৰু তাত মোৰ দৰে আন বহুতো আছে৷ মই জানো তুমি সেই ঠাইৰ কথাবোৰ জানিব বিচাৰিবা৷ কিন্তু তুমি সঁচাকৈয়ে বুজিব নোৱাৰিবা৷”

“হয়৷” তুমি অলপ হতাশ হৈ কৈছিলা, “কিন্তু ৰ’বা৷ যদি মই সময়ত বেলেগ বেলেগ ঠাইত জনম লওঁ, মই নিজৰ লগতেই কেতিয়াবা যোগাযোগ কৰিব পাৰিম৷”

“সঁচা৷ এইটো হৈয়েই থাকে৷ কিন্তু প্ৰতিটো জীৱনেই কেৱল নিজৰটোৰ বিষয়ে জ্ঞাত কাৰণে তুমি উপলব্ধি কৰিবই নোৱাৰিবা যে এইটো হৈ আছে৷”

“তেনেহ’লে এইবোৰৰ তাৎপৰ্য কি?”

“সঁচাকৈয়ে?” মই সুধিছিলোঁ, “সঁচাকৈয়ে? তুমি জীৱনৰ অৰ্থ জানিব বিচাৰিছা মোৰপৰা? সেইটো কিছু নতুনত্বহীন নহয় নে?”

““আচলতে এইটো এটা ভাল প্ৰশ্ন৷” তুমি এৰি দিব খোজা নাছিলা৷

মই তোমাৰ চকুলৈ চাইছিলোঁ৷ “জীৱনৰ অৰ্থ, মই এই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰাৰ কাৰণ হ’ল মই তোমালোকে উৎকৰ্ষ সাধন কৰাটো বিচাৰোঁ৷”

“তুমি মানৱ জাতিৰ কথা কৈছা? তুমি আমি উৎকৰ্ষ সাধন কৰাটো বিচাৰাঁ?” 

“নহয়, মাত্ৰ তুমি৷ মই এই সমগ্ৰ বিশ্বৰ সৃষ্টি তোমাৰ কাৰণেই কৰিছোঁ৷ প্ৰত্যেক জীৱনতেই তোমাৰ বৃদ্ধি হয় আৰু তুমি উৎকৰ্ষ সাধন কৰাঁ আৰু তুমি বিশালতৰ সত্তা আৰু মহানতৰ বীক্ষালৈ উন্নীত হোৱাঁ৷”  

“মাত্ৰ ময়েই৷ আৰু বাকীসকলৰ কি হ’ব?” 

“আৰু অন্য কোনোৱেই নাই৷” মই কৈছিলোঁ, “এই বিশ্বত, মাত্ৰ তুমি আৰু মই আছোঁ৷”

তুমি একো নুবুজাৰ দৰে মোলৈ চাইছিলা৷ “কিন্তু পৃথিৱীৰ সকলো মানুহ …৷”

“সকলোবোৰেই তুমি৷ তোমাৰ বেলেগ বেলেগ ৰূপ৷”

“ৰ’বা৷ প্ৰত্যেকজনেই মই?”

“এতিয়া তুমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছা৷” তোমাৰ পিঠিত অভিনন্দনসূচক থাপৰ এটা মাৰি কৈছিলোঁ৷ 

“ময়েই এই পৃথিৱীত এতিয়ালৈকে জনম লোৱা প্ৰত্যেকজন মানুহ?” 

“আৰু যিসকলে ভৱিষ্যতে জনম ল’ব৷”

“ময়েই আব্ৰাহাম লিংকন?”

“আৰু জন ৱিলকিছ বুথো তুমি৷” মই যোগ দিছিলোঁ৷ 

“ময়েই হিটলাৰ?” তুমি আচৰিত হৈ সুধিছিলা৷ 

“আৰু তুমিয়েই তেওঁ নিধন কৰা লাখ লাখ মানুহ৷”

“ময়েই যীশু?”

“আৰু তুমিয়েই সেই সকলো যিয়ে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল৷”

তুমি নীৰৱ হৈ পৰিছিলা৷ 

“প্ৰত্যেকবাৰেই যেতিয়া তুুমি কাৰোবাক আঘাত কৰাঁ,” মই কৈছিলোঁ, “তুমি আচলতে নিজকেই আঘাত কৰাঁ৷ আনৰ প্ৰতি তোমাৰ প্ৰত্যেক চেনেহ আৰু ভালপোৱাৰ কামেই তুমি আচলতে নিজৰ প্ৰতিয়েই কৰা একো একোটা মৰম-ভালপোৱাৰ কাম৷ প্ৰত্যেক ব্যক্তিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সুখ আৰু দুখৰ প্ৰতিটো মুহূৰ্তৰ অভিজ্ঞতা; তুমি অনুভৱ কৰিবা৷”

তুমি বহু সময় চিন্তামগ্ন হৈ আছিলা৷

“কিয়?” তুমি সুধিছিলা, “এইবোৰ কৰাৰ কি প্ৰয়োজন?”

“কাৰণ এদিন তুমি মোৰ দৰেই এক সত্তালৈ উন্নীত হ’বা৷ কাৰণ সেয়াই তুমি৷ তুমি মোৰ দৰেই এক সত্তা৷ তুমি মোৰেই সন্তান৷”

“বাঃ,” তুমি কৈছিলা৷ সেয়া অবিশ্বাস্য আছিল তোমাৰ বাবে৷ “তুমি বুজাব খুজিছা মই এজন দেৱতা৷”

“নহয়৷ এতিয়াও নহয়৷ তুমি এটা ভ্ৰুণ৷ তুমি এতিয়াও বাঢ়ি আছা৷ যেতিয়া তুমি সকলোবোৰ যুগৰ মাজেৰে প্ৰত্যেক মানৱ জীৱন কটাই আহিবা তেতিয়া জন্ম ল’ব পৰাকৈ তোমাৰ বিকাশ হ’ব৷” 

“গতিকে এই সমগ্ৰ ব্ৰহ্মাণ্ড,” তুমি কৈছিলা, “এয়া মাত্ৰ …”

“এট অণ্ড৷” মই উত্তৰ দিছিলোঁ৷ “তুমি তোমাৰ পৰৱৰ্তী জীৱনটোত প্ৰবেশ কৰাৰ সময় হৈছে এতিয়া৷”

আৰু মই তোমাক তোমাৰ পথেৰে আগবঢ়াই দিছিলোঁ৷ 

***

ঠিকনা :

গাঁও : বামাখাটা, পাঠশালা

জিলা: বজালী

পিন: ৭৮১৩২৫

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

Visited 4 times, 1 visit(s) today
Website |  + posts
Close