Written by sdblogs2011 9:02 pm Story

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী

(আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন হাতী, তেওঁৰ নাম বৃকোদৰ৷ হিতৰাম নামৰ বাঘজন সেউজপুৰৰ প্ৰধান সেনাপতি৷ বহুকালৰ পূৰ্বে তীক্ষ্ণদন্ত নামৰ এজন নিগনিয়ে মহাৰাজ কেশৰীৰ এজন পূৰ্বপুৰুষৰ জীৱন ৰক্ষা কৰিছিল৷ কোনোবা মানুহ চিকাৰীয়ে পাতি থোৱা জাল এখনত বন্দী হোৱা সেই সিংহজনক তীক্ষ্ণদন্তই জালখন কুটি কুটি মুকলি কৰিছিল৷ কালক্ৰমত সেইজন তীক্ষ্ণদন্তৰে পৰিনাতিৰো পৰিনাতি কঁঠালগুটিৰ পুত্ৰ বাটলু আহি সেউজপুৰৰ আটাইতকৈ বুদ্ধিমান আৰু দক্ষ সভাসদৰ স্বীকৃতি লাভ কৰিলে৷ বাটলুক সেউজপুৰৰ প্ৰজাসকলে সাধাৰণতে বাটলু মহাশয় নাইবা বাটলু ডাঙৰীয়া বুলিহে সম্বোধন কৰে; আনহে নালাগে বগলী পণ্ডিত, গদাধৰ মাষ্টৰ, গেৰেলা ভালুক, থোলোক হাতী, ছটছটী শালিকী, ভোলানাথ আৰু মলুৱা বান্দৰ, ছেৰেলী ছাগলী আদি গণ্য-মান্য লোকসকলেও৷ সেইজন বাটলু ঘটনাক্ৰমে এখন অচিন জগতত গৈ প্ৰৱেশ কৰাৰ ঘটনা এয়া…৷)  

কেইদিনমানৰ আগেয়ে শিল-বৰষুণ হৈছিল৷ শিল-বৰষুণ শেষ হ’ল যদিও ভীষণ ধুমুহা এজাকে বাৰে বাৰে সেউজপুৰত ভয়াৱহ অৱস্থা সৃষ্টি কৰিছে৷ ধুমুহাজাক গোটেই ৰাজ্যখনতে সমানে নহয়, ঠায়ে ঠায়েহে হয়৷ বিশেষকৈ জুৰণি নামৰ নৈখনৰ সিপাৰৰ বৰতানি-কঁহুৱানিখন পাৰ হৈ পোৱা ডাঠ কাঠনিখনতে ধুমুহাজাক যেন আৰম্ভ হয়৷ তাৰপৰাহে যেন ধুমুহাজাক গোটেই সেউজপুৰতে বিয়পি পৰে৷

যোৱা বছৰেকমানৰপৰা এই ধুমুহাজাকৰ প্ৰকোপটো বেছি হৈছে৷ জাৰকালি-জহকালি একোকে নোচোৱা হৈছে ধুমুহাজাকে৷ মাজে মাজে আকাশৰপৰা বজ্ৰপাতৰ নিচিনাকৈ পোহৰ একোছাটিও সেই কাঠনিখনতে পৰেহি৷ অৱশ্যে বজ্ৰপাত যেন লাগিলেও কোনো শব্দও নহয় আৰু হাবিত জুই লগাও কোনেও দেখা নাই৷ 

তেনেহ’লে সেউজপুৰত হৈছে কি? ধুমুহাত গছবোৰৰ ভালেমান ডাল ভাগি পৰিছে৷ বহু চৰাইৰ বাহ ভাগিছে, ভালেকেইটা বাদুলি আৰু বান্দৰৰ পোৱালিও আহত হৈছে৷ কিন্তু জুৰণিৰ সিপাৰৰ সেই কাঠনিখনত কি হৈছে তাক লৈহে আটাইৰে মনত চিন্তা হৈছে বেছি৷ কাৰণ সেউজপুৰৰ সকলো প্ৰজা জুৰণি নৈৰ এইপাৰেই থাকে যদিও সিপাৰৰ কাঠনিখনো সেউজপুৰৰে অংশ৷ 

কিবা কাৰণত এইপাৰৰ হাবিখিনি ধ্বংস হ’বলৈ হ’লে সিপাৰৰ কাঠনিখনকে কেন্দ্ৰ কৰি সেউজপুৰ ৰাজ্যখন বৰ্তি থাকিব বুলিয়েই বিশেষকৈ বাটলুৰ পৰামৰ্শ মতে সেইফালৰ হাবিত কোনো সেউজপুৰীয়াকে স্থায়ীভাৱে থাকিবলৈ মহাৰাজ কেশৰীয়ে অনুমতি দিয়া নাই৷ খাদ্যৰ সন্ধানত অৱশ্যে তালৈ যোৱাত মহাৰাজে কোনো বাধা আৰোপ কৰা নাই৷ কিন্তু এইপাৰৰ হাবিতে ইমানবোৰ খাদ্য পৰ্যাপ্ত পৰিমাণে আছে যে যোৱা কেইবা বছৰো ধৰি কোনো সেউজপুৰীয়া খাদ্যৰ সন্ধানতো সিপাৰলৈ যাবলগীয়া হোৱা নাই৷

জুৰণিৰ সিপাৰৰ কাঠনিখনৰ ফালৰপৰাই ধুমুহা আৰম্ভ হয় কিয়?

এই প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাজসভাত ভালেপৰ আলোচনা চলিল৷ কিন্তু আটায়ে বিভিন্ন সম্ভাৱনাৰ কথাহে ক’ব পাৰিলে৷ প্ৰশ্নৰ উত্তৰ একো নোলাল৷ কেৱল হুলস্থুল এখন চলি থাকিল৷ শেষত বাটলুৱে মহাৰাজৰ সম্মুখলৈ গৈ ক’বলৈ ধৰিলে–

: মহাৰাজ, মোৰ কথা এষাৰ ক’বলগীয়া আছিল৷

: তেনেহ’লে কোৱা নাই কিয়? – বুলি মহাৰাজে হাওৰণি এটা মাৰিলে৷ লগে লগে গোটেই সভাসদসকল শান্ত হৈ পৰিল৷ বাটলুৱে ক’বলৈ ধৰিলে–

: মহাৰাজ, জুৰণিৰ সিপাৰৰ কাঠনিখনতনো আচলতে কি হৈছে তাকে লৈ এনেকৈ কথা পাতি থাকি আচলতে আমি সময়হে নষ্ট কৰিছোঁ৷ তাৰ পৰিৱৰ্তে আমি নিজে গৈ কাঠনিৰ ভিতৰত কি হৈছে চাই অহাটো ভাল হ’লহেঁতেন৷

: মই ইতিমধ্যে ছটছটীক সেইফালে পঠাইছোঁ৷ তাই কিবা সন্দেহজনক দেখিলে নিশ্চয়  মোৰ কাণ চোৱাবহি৷– মহামন্ত্ৰী বৃকোদৰে ক’লে৷

সভাসদসকলৰ কোনেও একো নামাতিলে৷ শেষত মহাৰাজ কেশৰীয়েই ক’লে–

: বাটলুৱে ভাল বুদ্ধি দিছে৷ মহামন্ত্ৰীয়েও সজ ব্যৱস্থা কৰিছে৷ কিন্তু ইমান ধুমুহাৰ মাজত ছটছটী যে সেই কাঠনিত সোমাবগৈ পাৰিব সেই আশাহে মই দেখা নাই৷ পিছে এতিয়া মিছাতে সময় খৰচ কৰি লাভ নাই৷ আমি ইমান সহজে সমাধান উলিয়াব পৰা বিষয়টোক লৈ মিছাতেহে কথা চোবাই আছোঁ৷ মহামন্ত্ৰী আৰু সেনাপতি! জুৰণিৰ সিপাৰলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে৷

সিদ্ধান্ত মতেই কাম৷ 

সেনাপতি হিতৰাম, মহামন্ত্ৰী বৃকোদৰ, মন্ত্ৰীপুত্ৰ গদাধৰ মাষ্টৰ আদি জুৰণিৰ বুকুৱেদি সাঁতুৰি ইপাৰ পালেগৈ৷ ইফালে থোলোকহঁতে মৰি থকা ওখ গছ এডাল খুন্দিয়াই খুন্দিয়াই পেলাই ইপাৰ-সিপাৰ লগ লগাই দিলে৷ মহাৰাজকে ধৰি বাকী ভালেখিনি সভাসদ সেই গছডালেদি খোজ কাঢ়ি পাৰ হ’ল৷

বতৰ প্ৰায় শান্ত৷ এই মুহূৰ্তত ধুমুহা নাই, বতাহ সামান্যভাৱেহে বলি আছে৷

সিটো পাৰত সকলো একেলগ হোৱাত মহাৰাজে বাটলুক বিচাৰিলে–

: বাটলু নাহিল হ’বলা?

: মই এয়া মহাৰাজ৷ মহামন্ত্ৰী ডাঙৰীয়াৰ কাণখনৰ চুকতে সোমাই নৈখন পাৰ হ’লোঁ৷

: ভাল কৰিলি বোপাই৷ এতিয়া ব’লা, আমি আগ বাঢ়োঁ৷

মহাৰাজে ইঙ্গিত দিয়াৰ লগে লগে দলটো আগ বাঢ়িল৷ নৈ-চাপৰিৰ কঁহুৱানিখন বেছ বহল৷ সেইখন শেষ হোৱাৰ লগে লগে উলুখেৰ, বৰতা আদি বন গজিছে ভালেখিনি ডাঙৰ অঞ্চল এটাত৷ তাৰ মাজে মাজে শিমলু, বগৰী আদিৰ পুলি কিছুমান গজিছে, দুই-এজোপা ওখ-ডাঙৰেই হৈছে৷

মূল কাঠনিখনৰ ফালে দলটো যিমানে আগ বাঢ়িছে সিমানে বতাহে যেন ধুমুহাৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে৷ ক্ৰমে ক্ৰমে বতাহ বাঢ়ি আহিছে৷ বতাহৰ সোঁ-সোঁৱনিও বাঢ়ি আহিছে৷

দলটো কোনোমতে আগ বাঢ়ি গৈ কাঠনিখনৰ সীমাত ৰ’লগৈ৷ বতাহত গছবোৰ ভাগি পৰোঁ পৰোঁ হৈছে যদিও বিশেষ ভগা নাই৷ কিন্তু দলটোৰ সদস্যসকল আগ বঢ়াহে টান হ’ল৷

: মহামন্ত্ৰী মহোদয়৷ মহাৰাজৰ ওচৰলৈ মোক লৈ ব’লকচোন৷ মই আপোনাৰ কাণখনত কোনোমতেহে ধৰি আছোঁ৷ ইমান বতাহ আগে-পিছে পোৱা নাই দেই৷ – বাটলুৱে বৃকোদৰক কাণে কাণে কোৱা কথাখিনি শুনিবলৈ তেখেতৰো কষ্ট হ’ল৷ বতাহৰ সোঁ-সোঁৱনিয়ে কাৰো মাত কোনেও নুশুনা পৰিস্থিতি কৰিছে৷

বৃকোদৰ মহাৰাজৰ একেবাৰে কাষত ৰ’লগৈ৷ বতাহৰ সোঁ-সোঁৱনিৰ বাবে বাটলুৱে কোৱা কথা মহাৰাজে নুশুনিব বুলি সি বৃকোদৰৰ কাণে কাণে কোৱা কথা এষাৰ তেখেতে মহাৰাজে শুনাকৈ ক’লে–

: মহাৰাজ, ইমান বতাহৰ মাজেদি এতিয়া ইমান ডাঠ কাঠনিত সোমোৱা সম্ভৱ নহয়৷ পিছে বাটলু ডাঙৰীয়াই বেলেগ এষাৰ কথাহে কৈছে৷ তেখেত হেনো হাবিৰ ভিতৰলৈ সোমাই যাব পাৰিব৷

: হোঁঃ! এইটো কেনেকুৱা কথা? আমি যাব নোৱৰা ঠাইলৈ সি কেনেকৈ যাব?

: মহাৰাজ, তেখেতে কৈছে যে তেখেতে হেনো মাটিয়ে মাটিয়ে বগাই যাওঁতে বতাহে তেখেতৰ একো অনিষ্ট কৰিব নোৱাৰে৷ সেয়ে তেখেতে আপোনাৰ অনুমতি প্ৰাৰ্থনা কৰিছে৷– এই বুলি কৈ বৃকোদৰে নিজৰ কাণৰ খোপত সোমাই থকা বাটলুক শূঁড়ডালেৰে খামুচি ধৰি আনি মহাৰাজৰ সম্মুখৰ মাটিত থ’লেহি৷ মহাৰাজে দেখিলে, বাটলুকচোন বতাহে বিশেষ একো অসুবিধাত পেলোৱা নাই৷

তাক লক্ষ্য কৰি থাকোঁতে বাটলুৱে মহাৰাজৰ মনত তাৰ যোগ্যতাৰ ওপৰত বিশ্বাস জন্মাবলৈকে কেইবাবাৰো ইফাল-সিফাল কৰিও দেখুৱালে৷

: তই পাৰিবি ঔ বাটলু৷ যা তই৷ পিছে সাৱধান হ’বি৷ কিবা বিপদৰ উমান পালেই ততালিকে গুচি আহিবি নাইবা নিজকে লুকুৱাবি, বুজিছনে?

: বুজিছোঁ মহাৰাজ৷ মোক আশীৰ্ৱাদ দিয়ক৷– বুলি বাটলু মহাৰাজৰ সোঁ হাতোৰাখনৰ কাষ পালেহি৷

: যা বোপাই৷ সফল হ৷

আটাইৰে চকুৰ সম্মুখেদিয়েই বাটলু হাবিৰ মাজলৈ সোমাই গ’ল…

ভালেমান সময় যোৱাৰ পাছত বাটলুৱে দেখিলে গছ-গছনিৰ মাজে মাজে সৰু-ডাঙৰ গছৰ ডাল কিছুমান পৰি আছে৷ বতাহত ভগা ডাল যেতিয়া ক’ৰবাত কেনেবাকৈ কোনোবা জীৱ সোমাই থাকিবও পাৰে বুলি ভাবি সি প্ৰায়বোৰ ভগা ডালৰ তলে তলে চাই-চিতি গৈ থাকিল৷ নিয়ম মতে এইখন কাঠনিত কোনো জীৱ থাকিব নালাগে৷ তথাপি, কোনোবা চৰাই এহালেই যদি বেলেগ ৰাজ্যৰপৰা আহি ইয়াতে বাহ সাজিছিলহি? যদি তেনে কোনোবা চৰাইৰ বাহ ভাগিছে?

ভাবি ভাবি আগ বাঢ়ি গৈ থাকিল বাটলু৷

এটাইত সি বিজুলীৰ পোহৰৰ দৰে কিবা এটা দেখিলে৷ কিন্তু খন্তেকৰ বাবেহে৷ মুহূৰ্ততে আকৌ গোটেইখন আগৰ নিচিনা ছয়া-ময়া হৈ পৰিল৷ অলপ পাছতে তেনে বিজুলী এছাটি আকৌ মাৰিলে দেখোন!

সি একো বুজিব পৰা নাই৷ আকাশৰপৰা তো বিজুলীৰ পোহৰ অহা নাই৷ তেন্তে?

সি আগ বাঢ়ি গৈ থকাৰ ফালে কিবা এটা গো-গোৱাই থকা যেন লাগিল৷ কি হ’ব পাৰে? কিবা বেলেগ জন্তু নেকি? কি ঠিক? হ’বও পাৰে বেলেগ জন্তু৷ মইনো কেইবিধ জন্তুক চিনি পাওঁ? ভাবি থাকিল বাটলুৱে৷

আগ বাঢ়ি গৈ গৈ সি এঠাইত বহুত সৰু সৰু গছপুলি উভালি থোৱা দেখা পালে৷ ওচৰতে বহুতো গছৰ ডালো৷

 ‘আৰে! এইবোৰ কোনে উভালিলে? আৰু ডালবোৰ গোটালে কোনে?’চিন্তা কৰি একো উৱাদিহ নাপালে বাটলুৱে৷ সি ডালবোৰৰ তলত কোনোবা কেনেবাকৈ সোমাই আছে নেকি চাবলৈ যত্ন কৰি লাহে লাহে সেইবোৰেদি বগাবলৈ যত্ন কৰিলে৷ ক্ৰমে ক্ৰমে সি ডালবোৰৰ মাজলৈ সোমাই গ’ল৷

হঠাৎ বাটলুৱে অনুভৱ কৰিলে, বতাহে যেন সি সোমাই থকা গছৰ ডালবোৰ একেলগে উৰুৱাই লৈ গ’ল! তাৰ উৰি যোৱাৰ দৰে লাগিল৷ কিন্তু সি যেন মুকলি আকাশেদি উৰি যোৱা নাই৷ সি যেন কিবা এটা বন্ধ বাকচৰ মাজত সোমাই সোমাইহে উৰি গৈছে!

বাটলু আচৰিত হ’ল যিমান তাতকৈ বহুত বেছি ভয় সোমাল তাৰ মনত৷ ‘হাবিৰ মাজত কি ঘটনা ঘটিছে চাই উভতি গৈ মই সেউজপুৰৰ মহাৰাজক জনোৱাৰ কথা আছিল৷ কিন্তু এতিয়া দেখিছোঁ মই নিজে উৰি গৈ কোন ৰাজ্যত পৰোঁগৈ ঠিকনা নাই৷ হায় হায়! মই কিয় অকলে অকলে হাবিত সোমাবলৈ মৰসাহ কৰিছিলোঁ!’

অশেষ শাৰীৰিক পৰিশ্ৰমৰ পাছত এনে মানসিক চিন্তাই বাটলুক তেনেই অৱশ কৰি পেলালে৷ কথাবোৰ ভাবি ভাবি সি এটা সময়ত টোপনিৰ কোলাত ঢলি পৰিল৷

টোপনিৰপৰা সাৰ পাই বাটলুৱে অনুভৱ কৰিলে, তাৰ যেন গোটেই গাটো বিষাইছে৷ কোনোমতে চকুহাল মেলি চাৰিওফালে চালে সি৷ পৰিৱেশটো কিবা আচহুৱা যেন লাগিল তাৰ৷ হঠাৎ প্ৰকাণ্ড মুখ এখন সম্মুখতে দেখি বেচেৰাটো উচপ খাই উঠিল৷ 

আৰে! এইটো আক’ কেনেকুৱা প্ৰাণী! সেউজপুৰ ৰাজ্যত আগেয়ে কাহানিও সি এনে প্ৰাণী দেখা নাই৷ আনহে নালাগে সি ফুৰিবলৈ যোৱা চিকাৰীমৰা, হোলোংবাৰী¸ আৰু জালফলা আদি ৰাজ্যতো দেখোন এনেকুৱা জীৱ আছে বুলি সি নাজানে ৷ মানুহৰ ৰাজ্যতো এনে প্ৰাণী দেখা বুলি তাৰ মনত নপৰিল।

অৱশ্যে প্ৰাণীটো দেখিবলৈ মানুহৰ দৰেই– কিন্তু চকু, কাণ আৰু নাক অলপ বেলেগ ধৰণৰ৷ পিছে মানুহতকৈ যেন সি অলপ চাপৰ হ’ব৷ কপালখনো অলপ উখহা ধৰণৰ৷ মূৰত পিছে চুলি এডালো নাই৷  

হঠাতে আৰু কেইবাখনো একে ধৰণৰ মুখ তাৰ ওচৰ চাপি আহিল৷ সি ভয়তে পেঁপুৱা লাগিল৷ সৰু হাতোৰা দুখনেৰে সি চকুহাল ঢাকি ধৰি কোঁচ-মোচ খাই বহি পৰিল৷ ‘কাৰ হাতত যে পৰিলোঁহি আজি! জীয়াই থাকিম নে নাই তাৰো একো ঠিকনা নোহোৱা হ’ল৷’ ভাবি থাকিল সি৷ একে সময়তে সি চিন্তাও কৰি থাকিল, কেনেকৈ এই ঠাইৰপৰা পলাই যাব পাৰি৷

হঠাতে সি বুকুত সাহস বান্ধি তাৰপৰা দৌৰ মাৰি সেই অচিনাকী প্ৰাণীকেইটাৰপৰা ভালেখিনি আঁতৰ হ’ল৷ শিল এটাৰ আঁৰত লুকাই লুকাই সি চাৰিওপাশৰ পৰিৱেশটো ভালদৰে চালে– এইখন সেউজপুৰ হ’বই নোৱাৰে৷ ইয়াত দেখোন সেউজীয়াৰ নাম-গোন্ধেই নাই৷ গছ কিছুমান অৱশ্যে আছে, কিন্তু কিবা শুকান ধৰণৰ– পাত-চাত নাই৷ সি যিমান পাৰে আঁতৰলৈ চাবলৈ যত্ন কৰিলে৷ 

আচৰিত ধৰণৰ নিৰৱতা, কাঁহ পৰি জীন যোৱা ধৰণৰ৷ চৰাই-চিৰিকটি এটাৰ মাতো শুনিবলৈ নাই৷ গোটেইখন কিবা শুকান ঠাই৷ আচৰিত হৈ সি এইবাৰ নিজকে প্ৰশ্ন কৰিলে–

: এইখন কি ঠাই? মই এইখিনি পালোঁহি কেনেকৈ? আমাৰ ওচৰে-পাজৰেতো এনেকুৱা ৰাজ্য নাই…

তেনে সময়তে সেই মানুহৰ নিচিনা অদ্ভুত প্ৰাণী কেইটামান চাৰিও ফালৰপৰা আহি বাটলুৰ ওচৰ পালেহি৷ প্ৰাণীকেইটাই মানুহৰ নিচিনাকৈয়ে খোজ কাঢ়ি আহিছে৷ সিহঁতে পিন্ধা পোছাকো মানুহৰ লগত নিমিলে– পিন্ধা-উৰাৰ ফালৰপৰা দেখিবলৈ আটাইকেইটা একে৷ গাৰ বৰণো ঢেপঢেপিয়া বগা, শেঁতা৷ সিহঁতৰ সেউজীয়া চকুবোৰৰ দৃষ্টি কিন্তু যেন প্ৰখৰ। বাটলুৱে ভাবিলে, ‘ইহঁতৰ হাতৰপৰা মই পলাই সাৰিব নোৱাৰিম কিজানি৷ গতিকে বুদ্ধিৰে সিহঁতৰ সৈতে সম্পৰ্ক কৰাই ভাল হ’ব৷’

তেনেকুৱাতে সিহঁতৰ এটাই ক’লে–

: তুমি ভয় নকৰিবা৷ আমিও তোমাৰ দৰেই জীৱিত প্ৰাণী৷ কেৱল আমাৰ চেহেৰাহে তোমাৰ লগত নিমিলে৷ আমি তোমাৰ একো অপকাৰ নকৰোঁ৷ 

বাটলু আচৰিত হ’ল৷ প্ৰাণীটোৱে দেখোন তাৰ ভাষাতে কথা কৈছে৷ তাৰ মানে? সি অকণমান সাহ পাই ক’বলৈ যত্ন কৰিলে–

: মই সেউজপুৰ ৰাজ্যৰ প্ৰজা৷ মোৰ নাম বাটলু৷ মই মোৰ ৰাজ্যৰপৰা কিমান দূৰত আছোঁ আৰু কেনেকৈ আহি এই আপোনালোকৰ ৰাজ্যখন পালোঁহি অনুগ্ৰহ কৰি জনাব নেকি? আমাৰ ৰাজ্যত বৰ অথন্তৰ হৈছে৷ অলপতে শিল-বৰষুণ হ’ল৷ তাৰ পাছত একেৰাহে ধুমুহা… আমি ৰাইজখনক উদ্ধাৰ কৰিবলৈ যত্ন কৰি আছিলোঁ৷ তেনে অৱস্থাতে মই কেনেকৈ যে সেউজপুৰৰপৰা আঁতৰি আহিবলগীয়া হ’ল… একোকে বুজিব পৰা নাই মই৷ গছৰ ডাল এসোপাৰ মাজত কোনোবা আতুৰত পৰা প্ৰাণী সোমাই আছে নেকি চাবলৈ যত্ন কৰোঁতেই মোক ডালসোপাৰ সৈতে উৰুৱাই নিছিল৷ বতাহেই কিজানি মোক আপোনালোকৰ এইখন ৰাজ্যত পেলাই থৈ গ’ল, নহয়নে? জানে যদি অনুগ্ৰহ কৰি মোক কওকচোন৷

একেৰাহে বহুখিনি কথা কৈ বাটলু ভাগৰি গ’ল৷ ঘন ঘনকৈ উশাহ লওঁতে তাৰ অকণমানি বুকুখন ঘন ঘনকৈ উঠা-নমা কৰিব ধৰিলে৷ সেই অৱস্থাতো সি সেই অচিন প্ৰাণীকেইটাৰ মুখলৈ আশাৰে চাই থাকিল৷

: আমি তোমক সকলো কথা বিতংকৈ ক’ম৷ তুমি অলপ শান্ত হোৱাঁ আৰু সুস্থ হৈ উঠাঁ৷ সেউজপুৰৰ কথা চিন্তা নকৰিবা৷ সেউজপুৰত এতিয়া ধুমুহা নাই৷ তাত সকলো কুশলে আছে৷ চিন্তা নকৰিবা৷ ইয়াত তোমাক কোনেও একো অপকাৰ নকৰে৷

অচিন প্ৰাণীটোৰ অভয় বাণী শুনি বাটলু আশ্বস্ত হ’ল৷ কিন্তু সি চিন্তাতো পৰিল– ‘সেউজপুৰত এতিয়া ধুমুহা নাই বুলি, সেউজপুৰৰ সকলো কুশলে আছে বুলি প্ৰাণীটোৱে বাৰু কেনেকৈ জানিলে? নে মোক নিচুকাবলৈ বুলি এনেয়ে কৈছে?’

দীঘল দীঘল উশাহ দুটামান ল’লে সি৷

: কিবা অলপ খাই লোৱাঁ৷

অচিন প্ৰাণীবোৰৰে এজনে আহি তাক কিবা খোৱাবস্তু এসোপামান দি গ’লহি৷ দীঘল পাত এখিলাৰ আকৃতিৰ পাত্ৰ এটাত পাঁচবিধমান খোৱাবস্তু৷ এবিধো বাটলুৰ চিনাকি নহয়৷ বস্তুখিনি দেখি তাৰ হাঁহি উঠি গ’ল– এইখিনিৰ দহভাগৰ এভাগ খালেও দেখোন তাৰ পেট ফাটি যাব!

কাঠবাদামৰ নিচিনা কিবা এটা দেখি সি পাত্ৰটোৰপৰা তুলি ল’লে৷ আধামান খাওঁতেই তাৰ পেট ভৰি গ’ল৷

(আগলৈ)

ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬

Visited 2 times, 1 visit(s) today
Website |  + posts
Close