স্মৃতিৰেখা দেৱী
: তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷
অচিন প্ৰাণীটোৱে হাঁহি হাঁহি কোৱা কথা শুনি বাটলুৱে পিছফালে ঘূৰি চালে৷ সেইটো প্ৰাণীয়েও তাৰ ফালে চাই হাঁহি মাৰিলে৷ সিহঁতৰ হাঁহিবোৰ মানুহৰ নিচিনাকৈ গোটেই মুখখনতে বিয়পি নপৰে, কেৱল চকুতহে জিলিকি উঠে৷
বাটলুৰ ভয় যিমান লাগিল তাতকৈ বেছি সি আচৰিতহে হ’ল৷ এই অচিন প্ৰাণীকেইটাই তাৰ ভাষাতে কথা কৈছে দেখোন! ই নিশ্চিতভাৱে আচৰিত হ’বলগীয়া বিষয়৷
ইতিমধ্যে সম্মুখৰ ইপ্পি নামৰ প্ৰাণীটোৱে আঙুলি এটাৰে বাটলুৰ পিঠিখন চুই মৰম কৰাৰ দৰে কৰিলে৷ লগে লগে বাটলুৰ অনুভৱ হ’ল, সেই পৰশত যেন মৰম আৰু নিৰাপত্তাৰ আশ্বাস লুকাই আছে৷ সিও অকণমানি হাতোৰাখনেৰে ইপ্পিৰ আঙুলিটো চুই চালে৷ সি তেনে কৰা দেখি বাকীকেইটা প্ৰাণীয়েও তাৰ ওচৰলৈ আহি নিজৰ নিজৰ হাতকেইখন তাৰফালে আগ বঢ়াই দিলে৷ সিহঁতে বন্ধুত্ব কৰিব খোজা যেনেই লাগিল তাৰ৷ সেয়ে সিও আটাইকেইটাৰে আঙুলিবোৰ চুই দিলে৷
লগে লগে তাৰ ঘৰখনলৈ মনত পৰিল৷ সিহঁতৰ পোৱালিকেইটাই তাৰপৰা এনেকৈয়ে স্পৰ্শ বিচাৰে, আদৰ বিচাৰে৷
: মোৰ অচিনাকী বন্ধুসকল৷ আপোনালোকক মোৰ ভাল লাগিছে৷ কিন্তু এই মুহূৰ্তত মোৰ ঘৰখনলৈ খুব মনত পৰিছে, সেউজপুৰলৈ খুব মনত পৰিছে৷ মই তাত নোহোৱা হোৱা কাৰণে মহাৰাজকে ধৰি আটায়ে নি(য় বৰ চিন্তাত আছে৷ যিমান পাৰি সিমান সোনকালে মই ইয়াৰপৰা ঘূৰি যাবই লাগিব৷ আপোনালোকে মোক ক’ব পাৰিবনে, কোনবাটে আহি মই আপোনালোকৰ এইখন ৰাজ্য পালোঁহি?
এইবুলি বাটলুৱে ইফালে সিফালে চাই ছটফটাবলৈ ধৰিলে৷
: বাটলু, তুমি আমাৰ ইয়ালৈ অহা কেইবাদিনো হ’ল৷ আচলতে তুমি সংজ্ঞাহীন হৈ আছিলা৷ আজিহে তোমাৰ সংজ্ঞা ঘূৰি আহিছে৷ তুমি চিন্তা কৰি মগজুত বৰকৈ হেঁচা নিদিবা, তোমাৰ মগজু তেনেই দুৰ্বল হৈ আছে৷ ইয়াত তোমাৰ একো অনিষ্ট নহয়৷ আৰু শুনা, তোমাৰ সেউজপুৰ ৰাজ্যৰ সকলো সুখত আছে৷ –ইপ্পিয়ে বুজাবলৈ যত্ন কৰিলে বাটলুক৷ বাটলুৱে অস্থিৰভাৱে কৈ উঠিল–
: আপোনাৰ কথা বিশ্বাস কৰিব পৰাহ’লেই ভাল আছিল৷ কিন্তু মই নাথাকিলে সেউজপুৰৰ মহাৰাজ কেশৰীৰ কি অৱস্থা হ’ব আপোনালোকে অনুমানেই কৰিব নোৱাৰে৷ তদুপৰি যোৱা কিছুদিন ধৰি আমাৰ ৰাজ্যত সাংঘাতিক অথন্তৰ পৰিস্থিতি এটা হৈ আছে৷
: আঃ! তুমি এতিয়া ইমানকৈ চিন্তা নকৰিবাচোন৷ সঁচাকৈ কৈছোঁ, তুমি নাথাকিলেও সেউজপুৰত এতিয়া একো বেয়া ঘটনা ঘটি থকা নাই৷
: আপুনি ইমান নিশ্চিতভাৱে কেনেকৈ ক’ব পাৰিলে?
: সেইবোৰ বহুত কথা, বন্ধু৷ সকলো কথা তোমাক আমি বুজাই ক’ম৷ লগতে আমাৰ এই পৃথিৱীখনৰ কথাও ক’ম৷ কিন্তু তুমি খুব দুৰ্বল হৈ আছা৷ তোমালোকৰ পৃথিৱী আৰু আমাৰ পৃথিৱীৰ মাজত বহু মিল আছে যদিও একেবাৰে হুবহু নহয়৷ সেয়ে ইয়াত সুস্থ হৈ উঠিবলৈ তোমাক অলপ সময় লাগিব৷
: আমাৰ পৃথিৱী আৰু আপোনালোকৰ পৃথিৱী মানে? মই আমাৰ পৃথিৱীত নাই নেকি?
: নাই৷ তুমি আমাৰ পৃথিৱীতহে আছাহি৷
বাটলুৱে কথাবোৰৰ অৰ্থ-পদাৰ্থ একোকে বুজি নাপালে৷ যিমানে বুজিবলৈ যত্ন কৰিলে সিমানে তাৰ মূৰটো গধুৰ গধুৰ লাগি আহিল৷ সি খুব দুৰ্বল অনুভৱ কৰিলে৷
লাহে লাহে তাৰ চকুহাল জাপ খাই আহিল৷
… … …
ধুমুহাৰ বেগ অকণো কমা নাছিল৷ সময়ে সময়ে বঢ়া যেনহে লাগিছিল৷ মাজে মাজে কাঠনিৰ মাজত হোৱা একোটা প্ৰচণ্ড শব্দই সমগ্ৰ সেউজপুৰবাসীৰ চিন্তা দুগুণে বঢ়াই তুলিছিল৷ বাটলু ডাঠ কাঠনিখনৰ মাজলৈ সোমাই যোৱাৰ ভালেমান সময় হৈছিল যদিও তেতিয়ালৈকে সি ওলাই অহা নাছিল৷ সিমানপৰে সি ঘূৰি আহিবই লাগিছিল৷ কেশৰীৰ মনটো কেনেবা কেনেবা লাগিছিল৷ নিজকে তেওঁৰ দোষী দোষীও লাগিছিল৷ বাটলু নিশ্চয় কিবা বিপদত পৰিছে– তেওঁ ভাবিছিল৷
লাহে লাহে ৰাতি হৈছিল৷
সময় যিমানে পাৰ হৈছিল সিমানে অস্থিৰতা বাঢ়ি আহিছিল কেশৰীকে ধৰি সেউজপুৰৰ আটাইবোৰ প্ৰাণীৰে৷
: মহাৰাজ, আপুনি ইমান ব্যকুল নহ’বচোন৷ ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই৷ বাটলু মহোদয় আগে-পিছেও এনেকুৱা বহু বিপজ্জনক ঠাইলৈ গৈ সুকলমে উভতি আহিছে৷ এইবাৰ যেনিবা অকণমান পলম হৈছে৷– মহামন্ত্ৰী বৃকোদৰে এনেকৈ বুজাবলৈ যত্ন কৰিছিল যদিও তেওঁ নিজেও ভিতৰি ভিতৰি চিন্তাত পৰিছিল কিজানি…৷
বাটলু নোহোৱা হোৱাৰ আজি চাৰিদিন হ’ল৷ এই চাৰিদিনে মহাৰাজ কেশৰীৰ মন একেবাৰে মৰা৷ সেইদিনা সেই জুৰণিৰ সিপাৰৰ ডাঠ কাঠনিখনলৈ নোযোৱাহ’লেই ভাল আছিল বুলি তেওঁ বাৰম্বাৰ নিজকে দুষিলে– তেওঁ অনুমতি নিদিয়াহ’লে তালৈ কোনো নগ’লহেঁতেন৷ আৰু প্ৰচণ্ড ধুমুহাৰ মাজতো ডাঠ কাঠনিখনত সোমাবলৈ বাটলুক অনুমতি নিদিয়াহ’লে…৷
… ভাবি থাকিল তেওঁ৷ বৃকোদৰক তেওঁ কৈছিল–
: হওঁতে আপুনি মিছা কোৱা নাই মহামন্ত্ৰী৷ মইনো চিন্তা কৰি, অস্থিৰ হৈ কিটো কৰিম? কিন্তু বাটলুৰ বেলিকা মই বৰ আৱেগিক হৈ পৰোঁ বুইছেনে– তাৰ কিবা অপকাৰ হোৱাৰ আশঙ্কা হ’লেই মোৰ যেন চিন্তাশক্তি হেৰাই যাব খোজে৷
কথাখিনি কৈ কৈ তেওঁ ঘাঁহনিৰ ওপৰতে বহি পৰিছিল৷ বতাহে তেওঁৰ কান্ধৰ কেশৰবোৰ উৰাই নিব খুজিছিল৷ বৃকোদৰে কৈছিল–
: হয় মহাৰাজ৷ বাটলু মহোদয়ৰ দৰে বিচক্ষণ, বিশ্বস্ত, দূৰদৰ্শী, সাহসী আৰু কৌশলী লোক মই ক’তো দেখা নাই৷ তেখেতৰ ক্ষুদ্ৰমান আকৃতিটো চালে ইমানবোৰ গুণ যে তেখেতে ক’ত লুকুৱাই ৰাখে বুজিবলৈকে টান৷ পিছ তেখেত অতি সোনকালেই উভতি আহিব, মহাৰাজ৷
বৃকোদৰৰ কথা শেষ হৈছিল কি হোৱা নাছিল,তেনেকুৱাতে হুলস্থুলখন কৰি ছটছটী আহি ওলাইছিলহি৷ তাই সম্ভাষণ জনাইছিল–
: জয় মহাৰাজ কেশৰীৰ জয়৷ জয় মহামন্ত্ৰী বৃকোদৰৰ জয়৷ ছটছটীৰ সেৱা গ্ৰহণ কৰক, মহাৰাজ৷
ছটছটীক দেখি মনটো ভাল লাগি গৈছিল কেশৰীৰ–
: ছটছটী, এই ৰাতিখন তই কেনেকৈ উৰি আহিলি? ক’ৰবাক খুন্দা-খাতল খাই দুখ পোৱা নাইতো? কচোন, কি ভাল খবৰ আনিছ৷ বাটলু কেনে আছে ক৷ সি ক’ত আছে ক৷ সি কিয় কাঠনিৰপৰা ওলাই আহিব পৰা নাই ক৷
একেলগে ইমানবোৰ প্ৰশ্ন সোধা কেশৰীৰ উৎসুকতা দেখি কিজানি ছটছটীৰ দুখেই লাগিছিল৷ কাৰণ তাই একো ভাল খবৰ আনিব পৰা নাছিল৷ তাই কৈছিল–
: মহাৰাজ, মই আজি আপোনাক একো ভাল খবৰ দিব নোৱাৰোঁ৷ মই নিশকতীয়া চৰাই, সেয়ে নিজে কাঠনিৰ মাজত সোমাবগৈ নোৱাৰিলোঁ৷ তাতে ৰাতিও হ’ল৷ মই ৰাতি নেদখোঁ বুলি আপুনি জানেই। এতেকে মই ফেঁচাসকলক আপোনাৰ হৈ ডাঠ হাবিলৈ গৈ বাটলু মহাশয়ক বিচাৰিবলৈ কৈছিলোঁ৷ কিন্তু তেওঁলোকৰ কোনেও তেখেতৰ সম্ভেদ নাপালে মহাৰাজ৷ কিন্তু ফেঁচা কেইজনমানে হেনো তাত এটা আচৰিত ঘটনা দেখিবলৈ পাইছিল৷ অৱশ্যে ঘটনাটো সত্য নহৈ তেওঁলোকৰ ভ্ৰমো হ’ব পাৰে…
ছটছটীৰ বেছিকৈ কথা কোৱাৰ অভ্যাসটোৱে কেশৰীক অধৈৰ্য কৰি তুলিছিল৷ তেওঁ ধমক এটা দি কৈছিল–
: আঃ! পোনে পোনে তই আচল কথাটো কচোন ছটছটী৷
তেতিয়াহে তাই আচল কথাটো কৈছিল–
: মহাৰাজ, সাধাৰণতে সেইখন কাঠনিলৈ আমাৰ কোনো জীৱ-জন্তু নাযায়৷ আমি চৰাইবোৰো কেতিয়াবাহে যাওঁ৷ সেই কোনো জনপ্ৰাণী নোহোৱা হাবিখনত হেনো ফেঁচাসকলে দেখিলেগৈ যে কোনোবাই বহুত গছপুলি উভালি থৈছে৷ ৰহস্যময় ঘটনা মহাৰাজ৷ তাৰ উপৰি বহুত গছৰ সৰু সৰু ডালো হেনো ভাঙিছে তাত৷ ডালবোৰ বাৰু ধুমুহাতে ভাগিছে, কিন্তু ধুমুহাত গছপুলি উভাল খায় জানো?
: কি কৈছ তই?– আচৰিত হৈছিল কেশৰী আৰু বৃকোদৰ৷
: হয় মহাৰাজ৷ ফেঁচাসকলে কোৱা কথাখিনিকে মই আপোনাক কৈছোঁ৷ আপুনি কিজানি বিশ্বাস কৰিবলৈকে টান পাইছে৷ ৰ’ব, মই ফেঁচা এজনকে মাতি দিওঁ৷– এইবুলি ছটছটীয়ে বিশেষ শব্দ এটা কৰি ডেউকাদুখন কেইবাৰমান জোকাৰিছিল৷ লগে লগে ফেঁচা এটা আহি মহাৰাজৰ সম্মুখত উপস্থিত হৈছিলহি৷
: মহাৰাজৰ জয় হওক৷– ফেঁচাটোৱে সম্ভাষণ জনাইছিল৷ প্ৰতি সম্ভাষণ জনাই কেশৰীয়ে সুধিছিল–
: কোৱাঁ৷ কাঠনিৰ মাজত কি দেখা পালা?
ছটছটীয়ে কোৱা কথাখিনিকে কৈ ফেঁচাটোৱে লগতে ক’লে–
: আগ বাঢ়ি গৈ গৈ মহাৰাজ আমি এটা আচৰিত ধৰণৰ ঘূৰণীয়া যন্ত্ৰ দেখিলোঁগৈ৷ অলপ সময় মনে মনে আমি কি কাণ্ড ঘটিছে চাওঁ বুলি ৰৈ থাকোঁতেই দেখিলোঁ, উভালি থোৱা গছপুলি আৰু গছৰ ডাল কিছুমান লৈ মানুহৰ নিচিনা জন্তু কেইটামান সেই আচৰিত যন্ত্ৰটোতে সোমালগৈ৷ তাৰ অলপ পাছতে ধুমুহাৰ নিচিনাকৈ গছ-বন মুচৰি পেলাওঁ যেন কৰি যন্ত্ৰটো আকাশলৈ উৰি গৈ পলকতে চকুৰ আঁৰ হৈ গ’ল, মহাৰাজ৷
: কি!– আশ্চৰ্যবোধত যেন তেওঁৰ চকুহাল বহল হৈ গৈছিল৷
: সেউজপুৰত এইবোৰ কি ঘটিছে মহাৰাজ?– বিহ্বল হৈ বৃকোদৰে সুধিছিল৷
কোশৰীয়ে যথেষ্ট ভয় খাইছিল। কিন্তু তেওঁ বুজিছিল, সেউজপুৰৰ ৰজা হৈ তেওঁ নিজে অস্থিৰ হৈ দেখুৱালে প্ৰজাসকলেও ভয় খাব৷ সেয়ে তেওঁ নিজকে সুস্থিৰভাৱে ৰাখিবলৈ যত্ন কৰিছিল আৰু সুধিছিল–
: অধৈৰ্য নহ’ব মহামন্ত্ৰী ডাঙৰীয়া৷ তাৰ মানে সেই যন্ত্ৰটোৱেই ধুমুহাৰ সৃষ্টি কৰে?
: কথাটো তেনেকুৱাই মহাৰাজ৷ আচলতে সেই মুহূৰ্তত আমি ইমানেই ভয় খালোঁ যে তাত আৰু ৰৈ থাকিবলৈ আমাৰ সাহসে নুকুলালে৷ তাতে হঠাতে আৰম্ভ হোৱা ধুমুহাই গোটেইখন তাল-ফাল লগাই দিলে৷ কিন্তু মহাৰাজ, সেই যন্ত্ৰটো উৰি যোৱাৰ পাছৰপৰা দেখোন লাহে লাহে ধুমুহা কমি আহিল৷ এতিয়া মন কৰিছেনে, ধুমুহা একেবাৰে নাই৷
ফেঁচাৰ কথা শুনিহে কেশৰী আৰু বৃকোদৰৰ অনুভৱ হ’ল যে ধুমুহা শাম কাটিল৷ তেতিয়ালৈকে বাটলুৰ চিন্তাত দুয়ো ধুমুহাৰ মাজতে থকা বুলি ভাবি আছিল৷ ফেঁচাটোৱে আকৌ কৈছিল–
: মহাৰাজ, অপৰাধ হ’লে মাৰ্জনা কৰিব৷ কাইলৈ দিন-পোহৰে ভাল দৃষ্টিশক্তিৰ চৰাইৰ দল এটাক কাঠনিখনৰ মাজলৈ পঠাই ভালদৰে খবৰ এটা লোৱালে বেয়া নহয়৷
: হ’ব ফেঁচা৷ তোমালোকে মোক যিটো খবৰ দিলা সি ভাল নহয় যদিও দৰকাৰী৷ মোৰ ৰাজ্যতে ইমানবোৰ ঘটনা ঘটিব লাগিছে অথচ মই গমকে নাপাওঁ৷ যি হওক, এতিয়া তোমালোক যোৱাঁগৈ৷ তয়ো অকণমান জিৰণি লগৈ যা ছটছটী৷ কাইলৈ পুৱাতে আটাইকে মই এখন জৰুৰী সভা আহ্বান কৰা বুলি জনাই দিবি৷
আচলতে সেইটো পৰিস্থিতিত কি কৰিলেনো ভাল হ’ব সেয়া কেশৰীয়ে নিজে বুজি পোৱা নাছিল৷ তথাপি সভাসদসকলৰ সৈতে আলোচনা কৰাৰ গুৰুত্ব নিশ্চয় আছে বুলিয়ে তেওঁ ছটছটীক তেনেকৈ কৈ বিদায় দিছিল৷
: মহাৰাজ, হঠাতে বাটলু মহোদয় নোহোৱা হোৱা কথাটোৱে আমাৰ আটাইকে অনেক দুখ দিছে৷ আপোনাক কথা দিছোঁ মহাৰাজ, আপুনি আহ্বান কৰা জৰুৰী সভাখনৰ খবৰটো প্ৰচাৰ কৰিয়েই মই দলে-বলে আকৌ জুৰণিৰ সিপাৰলৈ গৈ বাটলু মহাশয়ৰ সন্ধান কৰিমগৈ৷ –ছটছটীয়ে বিদায় ল’বৰ সময়ত আৱেগিক হৈ কৈছিল৷
ছটছটীহঁত যোৱাৰ পাছৰপৰা মহাৰাজৰ মনটো আকৌ দুলিব ধৰিছিল বাটলু আৰু সেই ঘূৰণীয়া ৰহস্যময় যন্ত্ৰটোৰ চিন্তাত৷
: কি হ’ব পাৰে মন্ত্ৰীবৰ? বাটলু এতিয়া কেনে অৱস্থাত ক’ত থাকিব পাৰে অনুমান কৰিব পাৰিছেনে? আৰু সেই যন্ত্ৰটো? সেইটো কি হ’ব পাৰে বাৰু? সেইটো যে উৰি গ’ল বুলি কৈছিল, সেইটোৰ লগত থকা মানুহকেইটাই বাটলুক ধৰি লৈ যোৱা নাইতো?
মহাৰাজ কেশৰীৰ দুশ্চিন্তাগ্ৰস্ত কথাখিনি শুনি বৃকোদৰে লাহে লাহে ক’বলৈ ধৰিলে–
: মহাৰাজ, মই বাটলু মহোদয়ক যিমান দূৰলৈ জানো, কোনো শত্ৰুৱেই তেখেতক ধৰি নিব, মানে বন্দী কৰিব নোৱাৰে৷ অৱশ্যে এটা কথাত আমাৰ কাৰো নিয়ন্ত্ৰণ নাথাকে৷ সেইটো হৈছে দুৰ্ঘটনা৷ অৱশ্যেই বাটলু মহোদয়ে অনুসন্ধান কৰিবৰ বাবে সেই যন্ত্ৰটোত সোমাবগৈ পাৰে আৰু তেনে অৱস্থাতে যদি যন্ত্ৰটো উৰি গুচি গৈছে তেনেহ’লে নিশ্চয় বৰ ডাঙৰ দুৰ্ঘটনা এটা ঘটিছে৷ পিছে মহাৰাজ, এইবোৰ হৈছে ধাৰণাহে৷ সত্য কি ময়ো নাজানো, আপুনিও নাজানে৷ এনে অৱস্থাত দুঃচিন্তাত পৰি এতিয়া আপুনি আপোনাৰ বিৱেচনা শক্তিক দুৰ্বল কৰিলে নহ’ব৷ এনে সংকটকালত আপুনি ৰাজধৰ্ম পালন কৰিব লাগিব, আপুনি শক্তিশালী হৈ থাকিব লাগিব৷
: ঠিকেই কৈছে মন্ত্ৰীবৰ৷ কিন্তু বাটলুৰ কিবা অমঙ্গল…
: অমঙ্গল নহয় মহাৰাজ৷ প্ৰকৃতিৰ ওপৰত বিশ্বাস ৰাখক৷
: ঠিকেই কৈছে আপুনি৷ পিছে ৰাতি পুৱালেই আপুনি বাটলুৰ পৰিয়ালটোক মোৰ একেবাৰে কাষলৈ লৈ অনাৰ ব্যৱস্থা কৰি দিব৷ সি নথকা সময়খিনিত তাৰ ঘৈণীয়েক আৰু ল’ছালিকেইটাৰ দায়িত্ব অন্ততঃ মই পালন কৰিব লাগিব৷ লাগিবই৷
(আগলৈ)
