Written by sdblogs2011 11:45 am Poems

অকথ্য

জুবিলী গগৈ

বৰ ধাৰাল এই তেজৰ টোপাল

শিপা হৈ ভেদি যায়

পৃথিৱীৰ বুকু

শিলাময় স্পৰ্শ

তপত বলুকা

ফাটি চিৰাচিৰ হোৱা

মাটিৰ মালিতা

শূন্যতাৰ উশাহ সামৰি

শিপা বাঢ়ি যায় অতললৈ

চুলি মেলি বহি ৰয় পৃথিৱী

উন্মাদ চকুত

বিৱসনা হাজাৰ ৰাতি

সকলো থাকিও আজি

অকলশৰীয়া

মেলা চুলিৰ অস্থিৰতা

কাক ক’ব

কোনে শুনিব

আন্ধাৰ ৰাতি

আকাশৰ তৰা লেখি কৈ যোৱা

এইবোৰ যেন একো একোটা

সাধুকথা

কোনে ফুলাবহি

পৃথিৱীৰ মেলা চুলিত

আজিৰক্ত কৰৱী…

Visited 1 times, 1 visit(s) today
Website |  + posts
Close