মোৰ গৰম বন্ধ
আৰাধ্যা শুভলক্ষ্মী
২ জুলাই তাৰিখৰ পৰা ১১ জুলাই তাৰিখলৈকে মই আটাইতকৈ ভাললগা কামবোৰ কৰিলোঁ৷ সেইবোৰ হ’ল – ছবি অঁকা, TV চোৱা আৰু খেলা ৷ এদিন দেউতাৰ লগত ফুলনিত কাম কৰিলোঁ৷ এদিন বাঁহৰ বিচনী এখনত ৰং কৰি সজালোঁ৷ পাছৰ ১০ দিন দুপৰীয়া স্কুলৰ কাম কৰিলোঁ আৰু আবেলি বেডমিণ্টন শিকিলোঁ৷ শেষৰ কেইদিন সাধু কিতাপ পঢ়িলোঁ, ভাওনা চালোঁ আৰু ফুৰিলোঁ৷
(দ্বিতীয় শ্ৰেণী
অমৰ ঘোষ হ’লি আইলেণ্ড স্কুল)
Visited 3 times, 1 visit(s) today
